আজি ১৪ জানুৱাৰী

➡️১৫৫১ মোগল যুগৰ প্ৰখ্যাত ইতিহাসবিদ তথা পণ্ডিত আৰু আকবৰৰ মন্ত্ৰী আবুল ফজলৰ জন্ম। ‘আকবৰনামা’ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
➡️১৭৬১ মাৰাঠা আৰু আফগানিস্তানৰ শাসক আহমদ শ্বাহ ডুৰানীৰ মাজত পাণিপথৰ তৃতীয় যুদ্ধ আৰম্ভ। এই যুদ্ধত মাৰাঠা বাহিনী পৰাস্ত হয়।
➡️১৮৯১ ভাৰতৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ডি বি দেওধৰৰ জন্ম।
➡️১৮৯৮ ইংৰাজ শিশু সাহিত্যিক লুই কেৰলৰ ( প্ৰকৃত নাম চাৰ্লছ লুটউইজ ডজছন) মৃত্যু। ‘এলিচ ইন ৱণ্ডাৰলেণ্ড’ তেওঁৰ এখন প্ৰসিদ্ধ গ্ৰন্থ।
➡️১৯০১ ‘আসাম বন্তি’ প্ৰকাশ।
➡️১৯১৪ অসমৰ খ্যাতনামা সাহিত্যিক চৈয়দ আব্দুল মালিকৰ জন্ম।
➡️১৯৬৯ মাদ্ৰাজ ৰাজ্যৰ নাম সলনি, নতুন নাম তামিলনাডু। ৰাজধানী হয় মাদ্ৰাজ।
➡️১৯৮০ ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধান মন্ত্ৰী।
➡️১৯৮২ ইন্দিৰা গান্ধীৰ বিখ্যাত ‘কুৰিদফীয়া আঁচনী’ ঘোষণা।
➡️২০০১ বিজ্ঞানী ষ্টিফেন হকিঙৰ ভাৰত আগমন।
➡️২০০২ দেশজুৰি এছ টি ডি টেলিফোন সেৱাৰ নিৰিখ ৬২ শতাংশ পৰ্যন্ত হ্ৰাস।
➡️২০০৩ বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়াৰ লেখাপানীত দিহিং পাটকাই উৎসৱ আৰম্ভ।
➡️২০০৭ ভাৰতৰ ৩৭ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে কে জি বালকৃষ্ণণৰ শপত গ্ৰহণ। এই পদত অধিষ্ঠিত হোৱা তেৱেঁই দলিত সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি।

You might also like
Leave A Reply

Your email address will not be published.