অসমত কচু থোৰ বা শাক এবিধ সহজলভ্য শাক। অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জনসমূহ নিশ্চয় লেখত লবলগীয়া। কলপাতত দিয়া কচুথোৰৰ পিটিকা, কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া আঞ্জা খাবলৈ বহুত সুস্বাদু হয় ।এই ব্যঞ্জন সমূহৰ ৰন্ধন প্ৰকৰণ চালে এটা কথাই বুজা যায় যে আমাৰ পূৰ্বপুৰুষ সকলৰ খাদ্যৰ গুণাগুন সম্বন্ধে কিমান যথাযথ জ্ঞান আছিল।
আহকচোন জানো কচু শাকৰ বিভিন্ন পুষ্টিগত গুণাগুণৰ বিষয়ে:
১)কচুত প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থাকে। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
২)কচুত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।
৩)কচুত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে। ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।
৪) যিসকল লোকে ৰক্তহীনতা ভুগি আছে তেওঁলোকৰ বাবে কচু শাক অতি উপকাৰী।কচুত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন বি৬ আৰু ফলেট থাকে যিয়ে ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।
৫)গর্ভীৱতী মহিলাও কিছু পৰিমাণে কচু শাক খাব লগে কাৰণ কচুত আইৰণ আৰু ফলেট আছে যিয়ে হেমগ্ল’বিন বৃদ্ধি কৰে৷ ইয়াৰ উপৰি ভ্রূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট যথেষ্ট উপকাৰী ৷
৬)কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন আৰু আঁহে কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৭)উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক অতি উপকাৰী। ইয়াত থকা পতাচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। আৰু ইয়াত থকা ভিটামিন বি৬ এ হ’ম’চিষ্টিন নামৰ যৌগ বিধৰ নিয়ন্ত্ৰণ কৰি হাৰ্টৰ বিভিন্ন ৰোগ আৰু স্ট্রোক হোৱাত বাধা প্ৰদান কৰে।
৮)ভিটামিনৰ অভাৱত বা বীজাণু সংক্ৰমণ জনীত মুখত ঘাঁ হ’লে কচু খালে সুফল পোৱা যায়। হালধি পাতত থুৰি কচু, জালুক কেইটামান, নহৰু কেইফুটামান,নেমুৰ আগ দুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে।