বিশ্ব ক্ৰিকেটত বৃদ্ধি ভাৰতৰ যশস্বী

বিশ্ব টেষ্ট ক্ৰিকেটত ভাৰতে ৰচিলে নৱ অভিলেখ

বিশ্ব টেষ্ট ক্ৰিকেটত ভাৰতে ৰচিলে নৱ অভিলেখ

ভাৰতীয় ক্ৰিকেটৰ আছে এটি গৌৰৱময় ইতিহাস। ক্ৰিকেট যেন ভাৰতৰ অঘোষিত ৰাষ্ট্ৰীয় খেল । ভাৰতৰ ক্ৰিকেট প্ৰেমীসকলৰ আছে নিজস্ব এক ধৰ্ম। ক্ৰিকেটৰ ধৰ্ম। আন্ত:ৰাষ্ট্ৰীয় শৃংখলাসমূহত ভাৰতীয় ক্ৰিকেটাৰ যেতিয়া খেলপথাৰত নামে তেওঁলোকৰ কান্ধত থাকে ১৪০ কোটি ভাৰতীয়ৰ আশাৰ বোজা। ক্ৰিকেটৰ প্ৰতি ভাৰতীয়ৰ যি আৱেগ সেইয়া হয়তো গোটেই বিশ্বতে বিৰল।
ভাৰতৰ ক্ৰিকেটৰ গৌৰৱময় ইতিহাসত ৰাজকোটত সংযোজিত হ’ল এক নৱ অভিলেখ। ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলাত ভাৰতীয় ক্ৰিকেট দলে বিশ্ব ক্ৰিকেটত ৰচনা কৰিলে অন্য এক অভিলেখ। বিশ্ব ক্ৰিকেটত ভাৰতীয় দলৰ শক্তি পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৱে। একেটা শৃংখলাতে ২০টাতকৈ অধিক ৬ কোবাই ১৪৭ বছৰীয়া টেষ্ট ক্ৰিকেটৰ ইতিহাসত নৱ অভিলেখ ৰচনা কৰিলে এজন ভাৰতীয়ে বেটাৰে। সেই একেজন বেটাৰেই চুলে পাকিস্তানৰ তাৰকা খেলুৱৈ ৱাচিম আক্ৰামৰ একেটা ইনিংচতে ১২টা ৬ কোবোৱা ২৮ বছৰ পুৰণি অভিলেখ।
ইয়াৰ উপৰি একেটা টেষ্ট শৃংখলাতে ৪৮টা ৬ কোবোই ভাৰতে ২০১৯ চলত আফ্ৰিকাৰ বিৰুদ্ধে কৰা নিজৰেই বিশ্ব অভিলেখ ভংগ কৰে। তদুপৰি দ্বিতীয় ইনিংচত ভাৰতে মুঠ ১৮টা ছয় কৰে যিটো দলৰ বাবেও অভিলেখ।

কিন্তু এই টেষ্ট শৃংখলাটো দুটাকৈ উল্লেখযোগ্য অভিলেখ গঢ়া ভাৰতীয় বেটাৰজন ৰোহিত শৰ্মা বা বিৰাট কোহলীৰ দৰে কোনো তাৰকা খেলুৱৈ নহয়। তেওঁ হৈছে দলটোৰ এগৰাকী তৰুণ খেলুৱৈ যশস্বী জয়ছয়াল।
মুম্বাইৰ পদপথত পানীপুৰি বেছি, জীৱনৰ তিটিতাকৈ বছৰ কোনো আশ্ৰয় নোহোৱাকৈ খেলপথাৰত টেন্টত থাকিও ক্ৰিকেটৰ প্ৰতি যশস্বীৰ ভালপোৱা কোনোদিন কম হোৱা নাছিল। ক্ৰিকেটৰ সাধনা কৰা যশস্বীৰ বাবে দৰিদ্ৰতা কোনো দিনেই হেঙাৰ হ’ব পৰা নাছিল।
কথাতে কোৱা হয় যে, সচাঁ সোণ হেনো যিমানে জ্বলে সিমানেই উজলে। যশস্বীৰ ক্ষেত্ৰতো তেওঁৰ দৰিদ্ৰতা সেইকুৰা জুঁই আছিল যাৰ উত্তাপত তেওঁ নিজক আৰু বেছি উজ্বল কৰিছিল। নিজৰ সপোনক বাস্তৱ কৰাৰ অপাৰ হেপাহ আৰু সাধনাৰ বাবেই আজি যশস্বীয়ে বিশ্ব ক্ৰিকেটত উজ্বলাই তুলিছে ভাৰতক। বৃদ্ধি কৰিছে গৌৰৱময় ভাৰতীয় ক্ৰিকেটৰ যশস্বী। এইদৰেই বোকাৰ পদুম হৈ ফুলি থাকক যশস্বী। প্ৰেৰণা হৈ থাকক আপোনাৰ মোৰ দৰে ১৪০কোটি ভাৰতীয় জনতাৰ।

You might also like
Leave A Reply

Your email address will not be published.