আজি ১৯ ফেব্ৰুৱাৰী

➡️১৩৮৯ দিল্লীৰ টোগলক বংশৰ প্ৰতিষ্ঠাতা গিয়াছুদ্দিন টোগলকৰ (প্ৰকৃত নাম গাজি মালিক) মৃত্যু।
➡️১৬৩০ দাক্ষিণাত্যৰ স্বাধীন মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা ছত্ৰপতি শিৱাজীৰ জন্ম পৰম্পৰাগত তাৰিখ হ’ল ১৬৩৭ চনৰ ৬ এপ্ৰিল।
➡️১৮৭৮ টমাছআলভা এডিছনৰ গ্ৰামোফোনৰ (ফোনোগ্ৰাফ) পেটেন্ট লাভ। ১৮৭৭ চনত এডিছনে গ্ৰামোফোন উদ্ভাৱন কৰিছিল।
➡️১৮৯১ দৈনিক সংবাদ-পত্ৰ ‘অমৃত বাজাৰ পত্ৰিকা’ৰ প্ৰকাশ। ইয়াৰ আগতে কাকতখন ১৮৬৮ চনৰ ২০ ফেব্ৰুৱাৰীৰ পৰা বাংলা সাপ্তাহিক ৰূপে প্ৰকাশ হৈছিল। ১৮৭৮ চনৰ পৰা কাকত ইংৰাজী ভাষাত সাদিনীয়া ৰূপে প্ৰকাশ হ’বলৈ লয়।
➡️১৯১৫ জাতীয়তাবাদী নেতা গোপালকৃষ্ণ গোখলেৰ মৃত্যু।
➡️১৯৮৭ টেলিভিছনত প্ৰথমবাৰৰ বাবে ধূমপানবিৰোধী বিজ্ঞাপন সম্প্ৰচাৰ।

You might also like
Leave A Reply

Your email address will not be published.