গোৱাত ৰাকুল-জেকীৰ ‘Green Wedding’!

দেহত মাহ-হালধি সানিবলৈ সাজু বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত আৰু অভিনেতা জেকী ভাগনানী

গোৱাত ৰাকুল-জেকীৰ ‘Green Wedding’!

দেহত মাহ-হালধি সানিবলৈ সাজু বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাকুল প্ৰীত আৰু অভিনেতা তথা ব্যৱসায়ী জেকী ভাগনানী। অহা ২২ ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ’ব বলীউডৰ এই প্ৰেমিক যুটি। জানিব পৰা মতে, গোৱাত বিবাহ সম্পন্ন হ’ব ৰাকুল প্ৰীত আৰু জেকী ভাগনানীৰ।

প্ৰথমে ৰাকুলপ্ৰীত আৰু জেকীয়ে মধ্য প্ৰাচ্যৰ কোনো দেশত বিয়া পতাৰ কথা আছিল যদিও জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰভাৱশালী পৰিয়ালসমূহক নিজৰ অনুষ্ঠানসমূহ ভাৰততে অনুষ্ঠিত কৰাৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে নিজৰ সিদ্ধান্ত সলনি কৰে আৰু ভাৰততে নিজৰ বিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এই বিয়াখন অন্য বলীউড তাৰকাৰ বিবাহৰ তুলনাত কিছু পৃথক হ’ব। অন্যসকলৰ দৰে ৰাকুলপ্ৰীত আৰু জেকীৰ বিয়াত আপুনি নেদেখিব বৰবেছি জাকজমকতা। প্ৰাপ্ত তথ্য অনুসৰি ৰাকুলপ্ৰীত আৰু জেকীৰ পৰিয়ালৰ লোকে শাৰীৰিকভাৱে গৈ কাকোৱে এই বিয়ালৈ নিমন্ত্ৰণ জনোৱা নাই। সকলো অতিথিকে সামাজিক মাধ্যমৰ জৰিয়তে এই বিয়ালৈ নিমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।
এই বিয়াখনৰ আন এটা আকৰ্ষণীয় দিশ হৈছে এই বিয়াখন সম্পূৰ্ণৰূপে পৰিৱেশ অনুকূল হ’ব। বিয়াখনত কোনোধৰণৰ আতচবাজী কৰা নহয়। ইয়াৰ উপৰিও এটা বিশেষ দলে এই বিবাহ অনুষ্ঠানত কিমান কাৰ্বন ফুটপ্ৰিণ্টৰ সৃষ্টি হয় সেইটো জুখিব আৰু সেই অনুযায়ী কেইজোপা গছ ৰোপন কৰিব লাগিব সেইটো জনাব। বিবাহৰ পাছত নৱদম্পত্তীয়ে তেওঁলোকৰ বিবাহৰ পাছত সৃষ্টি হোৱা কাৰ্বন ফুটপ্ৰিন্টৰ ক্ষতিপূৰণ কৰিবলৈ গছ ৰোপন কৰিব।
ৰাকুলপ্ৰীত আৰু জেকীৰ এই ‘Green Wedding’ৰ প্ৰচেষ্টা নিশ্চয়কৈ অনুকৰণীয়। আজিৰ ‘ট্ৰেণ্ডিঙ’ৰ পৃথিৱীত ৰাকুলপ্ৰীত আৰু জেকীৰ এই পৰিৱেশ সচেতনতাও এক নতুন ‘ট্ৰেণ্ড’ হওঁক তাৰে কামনা কৰিলো।

You might also like
Leave A Reply

Your email address will not be published.