১৭০৩ ছুইডিছ উদ্ভিদ-বিজ্ঞানী কেৰোলাছ লিনিয়াছৰ জন্ম। জীৱজগতৰ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নির্দিষ্ট তত্ত্ব আগবঢ়োৱা আৰু ‘দ্বি-ৰাশিক বা দ্বি-পদ নামকৰণ’ৰ সূচনা কৰাৰ বাবে লিনিয়াছ বিখ্যাত।
১৭৮৫ মার্কিন ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনৰ বাই-ফ’কেল চৰ্মাৰ আৱিষ্কাৰ। এই দিনটোতে ফ্রেংকলিনে তেওঁৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে।
১৮১৮ প্রথম বাংলা সাময়িক পত্রিকা ‘সমাচাৰ দৰ্পণ’ৰ প্ৰকাশ। ১৮৪৮ উৰাজাহাজৰ নিৰ্মাণ আৰু বিকাশৰ অন্যতম বাটকটীয়া অটো লিলিয়েনথালৰ জন্ম।
১৮৯১ ছুইডেনৰ নোবেল জয়ী সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ জন্ম। তেওঁ ১৯৫১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯০০ নিউয়র্কত প্রসিদ্ধ সংবাদ সংস্থা এছোচিয়েট প্রেছ প্রতিষ্ঠা। ১৯০৬ নৰৱেৰ নাট্যকাৰ হেৰিক যোহান ইবছেনৰ ৭৮ বছৰ বয়সত মৃত্যু। ‘ঘোষ্টছ’, ‘এ ড’লছ হাউছ’ আদি তেওঁৰ প্রসিদ্ধ নাটক।
১৯৫১ প্রসিদ্ধ দবা খেলুৱৈ আনাটোলি কাৰ্প’ভৰ জন্ম। ১৯৭৫-৮৫ চনত কাৰ্প’ভ বিশ্ব চেম্পিয়ন আছিল।
১৯৫৮ মাও-চে-তুঙৰ প্ৰসিদ্ধ ‘গ্রেট লীপ ফৰৱাৰ্ড’ কর্মসূচী আৰম্ভ।
১৯৮৪ ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰি পালৰ এভাৰেষ্টত আৰোহণ। এভাৰেষ্টত আৰোহণ কৰা তেৱেঁই বিশ্বৰ প্রথম মহিলা।
১৯৯৬ পূর্ণ অঘিটোক চাংমা সর্বসম্মতিক্রমে একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নির্বাচিত।