আজি ২৩ মে’

➡️১৭০৩ ছুইডিছ উদ্ভিদ-বিজ্ঞানী কেৰোলাছ লিনিয়াছৰ জন্ম। জীৱজগতৰ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নির্দিষ্ট তত্ত্ব আগবঢ়োৱা আৰু ‘দ্বি-ৰাশিক বা দ্বি-পদ নামকৰণ’ৰ সূচনা কৰাৰ বাবে লিনিয়াছ বিখ্যাত।

➡️১৭৮৫ মার্কিন ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনৰ বাই-ফ’কেল চৰ্মাৰ আৱিষ্কাৰ। এই দিনটোতে ফ্রেংকলিনে তেওঁৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে।

➡️১৮১৮ প্রথম বাংলা সাময়িক পত্রিকা ‘সমাচাৰ দৰ্পণ’ৰ প্ৰকাশ। ১৮৪৮ উৰাজাহাজৰ নিৰ্মাণ আৰু বিকাশৰ অন্যতম বাটকটীয়া অটো লিলিয়েনথালৰ জন্ম।

➡️১৮৯১ ছুইডেনৰ নোবেল জয়ী সাহিত্যিক পাৰ ফবিয়ান লাগেৰভিষ্টৰ জন্ম। তেওঁ ১৯৫১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯০০ নিউয়র্কত প্রসিদ্ধ সংবাদ সংস্থা এছোচিয়েট প্রেছ প্রতিষ্ঠা। ১৯০৬ নৰৱেৰ নাট্যকাৰ হেৰিক যোহান ইবছেনৰ ৭৮ বছৰ বয়সত মৃত্যু। ‘ঘোষ্টছ’, ‘এ ড’লছ হাউছ’ আদি তেওঁৰ প্রসিদ্ধ নাটক।

➡️১৯৫১ প্রসিদ্ধ দবা খেলুৱৈ আনাটোলি কাৰ্প’ভৰ জন্ম। ১৯৭৫-৮৫ চনত কাৰ্প’ভ বিশ্ব চেম্পিয়ন আছিল।

➡️১৯৫৮ মাও-চে-তুঙৰ প্ৰসিদ্ধ ‘গ্রেট লীপ ফৰৱাৰ্ড’ কর্মসূচী আৰম্ভ।

➡️১৯৮৪ ভাৰতীয় পৰ্বতাৰোহী বাচেন্দ্ৰি পালৰ এভাৰেষ্টত আৰোহণ। এভাৰেষ্টত আৰোহণ কৰা তেৱেঁই বিশ্বৰ প্রথম মহিলা।

➡️১৯৯৬ পূর্ণ অঘিটোক চাংমা সর্বসম্মতিক্রমে একাদশ লোকসভাৰ অধ্যক্ষ ৰূপে নির্বাচিত।

You might also like
Leave A Reply

Your email address will not be published.