আজি ১ জুন

ছামোৱাৰ ৰাষ্ট্ৰীয় দিৱস।

পশ্চিম ছাহাৰাৰ ৰাষ্ট্ৰীয় দিৱস।

১৮৭৩ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিলোপ। ১৬০৮ চনত মূলতঃ ব্যৱসায়ৰ উদ্দেশ্যে ভাৰতলৈ অহা এইটো কোম্পানীয়ে ক্রমে সমগ্ৰ ভাৰততে আধিপত্য বিস্তাৰ কৰে আৰু ঊনবিংশ শতিকালৈ সমগ্ৰ ভাৰতৰে শাসনকর্তা হৈ পৰে।

১৮৫৮ চনত ভাৰতৰ শাসনৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতলৈ নিয়াত কোম্পানীৰ শাসনৰ অৱসান ঘটে।

১৯২৬ হলীউডৰ প্ৰখ্যাত চিত্রাভিনেত্রী মেৰিলীন মন্ত্ৰোৰ জন্ম।

১৯৩৬ শিল্পী নীলপৱন বৰুৱাৰ জন্ম।

১৯৪০ গল্পকাৰ-ঔপন্যাসিক লুম্বেৰ দাইৰ জন্ম।

১৯৫৫ ভাৰতত অস্পৃশ্যতা নিৰোধক আইন প্ৰৱৰ্তন।

১৯৬৪ ১৯৫৭ চনত প্ৰৱৰ্তন কৰা ‘নয়া পইচা’ক কেৱল ‘পইচা’ বুলি নামকৰণ।

১৯৬৮ অন্ধ-বধিৰ মার্কিন লেখিকা হেলন এডাম্ কেলাৰৰ মৃত্যু। প্রতিবন্ধীসকলৰ শিক্ষাদানৰ বাবে তেওঁ লোৱা উদ্যোগ উল্লেখযোগ্য।

১৯৭২ যোৰহাটৰ পৰা অসমীয়া দৈনিক সংবাদ-পত্র ‘দৈনিক জনমভূমি’ৰ প্ৰকাশ।

১৯৯৬ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰূপে এইচ ডি দেৱেগৌড়াৰ
২০০১ নেপালৰ যুৱৰাজ দীপেন্দ্ৰৰ গুলীত ৰজা বীৰেন্দ্ৰ, ৰাণী ঐশ্বর্য, তেওঁলোকৰ দুই সন্তানসহ ৰাজপৰিয়ালৰ ১০জন সদস্য নিহত, যুৱৰাজ দীপেন্দ্ৰৰো গুলীয়াই আত্মহত্যা।

২০০২ দক্ষিণ আফ্রিকা ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক হান্সি ক্ৰ’নিয়েৰ বিমান দুর্ঘটনাত মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.