পেৰিছ অলিম্পিকত পুনৰ ব্ৰঞ্জৰ পদক লাভেৰে ইতিহাস ৰচিলে ভাৰতৰ মনু ভাকৰে। দুটাকৈ পদকৰে দেশৰ নাম উজলাবলৈ সক্ষম হ’ল মনুৱে। এখন অলিম্পিকত দুটা পদক জয় কৰা প্ৰথম ভাৰতীয় খৈলুৱৈ হিচাপে পৰিগণিত হ’ল মনু ভাকৰ। পেৰিছ অলিম্পিকত মনু ভাকৰে লাভ কৰিলে দ্বিতীয়টো ব্ৰঞ্জৰ পদক। ১০ মিটাৰ এয়াৰ পিষ্টল মিক্স শাখাত ভাৰতৰ মনু ভাকৰ ,সৰৱজোট সিঙে আজুৰি আনিলে ব্ৰঞ্জৰ পদক। কোৰিয়াৰ প্ৰতিযোগীৰ বিৰুদ্ধে জয় লাভ ভাৰতৰ দুই খেলুৱৈৰ।
উল্লেখযোগ্য যে, দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মনু ভাকৰে। য’ত স্বৰ্ণপদক লাভ কৰে দক্ষিণ কোৰিয়াৰ জিন ইয়ে অ য়ে আৰু ৰূপৰ পদক লাভ কৰে দক্ষিণ কোৰিয়াৰে য়েজি কিমে। বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু ইয়ুথ অলিম্পিক গেমছত স্বৰ্ণপদক লাভ কৰা আন্তঃৰাষ্ট্ৰীয় তাৰকা শ্বুটাৰ মনু ভাকেৰে দেওবাৰে পেৰিছ অলিম্পিক গেমছত ইতিহাস সৃষ্টি কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। মনু ভাকেৰৰ অলিম্পিকত দুটাতৈ পদকে উৎফুল্লিত কৰি তুলিছে ভাৰতীয় জনগণক।