আজি ১৬ আগষ্ট

১৮৮৬ ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু। ১৯১০ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য ‘গীতাঞ্জলি’ৰ প্ৰথম প্রকাশ। মূলতঃ এইখন গ্ৰন্থৰ ইংৰাজী অনুবাদৰ (Song Offerings) বাবে ১৯১৩ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।

১৯৪৬ কলকাতাৰ সাম্প্রদায়িক সংঘর্ষত কবি অমূল্য বৰুৱাৰ মৃত্যু। ১৯৬২ পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয়শাসিত অঞ্চল গঠিত।

১৯৬৮ মেক্সিকোত অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ। এই সমাৰোহ ১০ ছেপ্টেম্বৰত সামৰণি পৰে।

২০০৩ উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, একনায়ক ইদি আমিনৰ মৃত্যু। ১৮৬৭ কার্ল মার্ক্সৰ ‘ডাছ কেপিটেল’ৰ প্ৰথম খণ্ড প্রকাশ।

১৯০৯ পঞ্জাবৰ বিশিষ্ট বিপ্লৱী মদনলাল ভিংৰাৰ ফাঁচি।

১৯৪৬ মুছলিম লীগৰ ‘ডাইৰেক্ট এক্সন ডে” পালন। ক্রমে ই কলকতাসহ ভাৰতৰ বিভিন্ন ঠাইত সাম্প্রদায়িক সংঘৰ্ষৰ ৰূপ লয়। চৰকাৰী তথ্য মতে এই সংঘর্ষত প্রায় ৫,০০০ লোক নিহত আৰু ১৫,০০০ লোক আহত হয়।

১৯৬০ ব্ৰিটিছ সাম্রাজ্যবাদৰ শাসনমুক্ত হৈ চাইপ্ৰাছৰ স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্রকাশ।

১৮৪৫ ফৰাচী বিজ্ঞানী গেব্রিয়েল লিপমানৰ জন্ম। ১৯০৮ চনত তেওঁ পদার্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।

১৯৪৫ ভাৰতীয় ৰাজনীতিবিদ তথা অর্থনীতিবিদ পি চিদাম্বৰমৰ জন্ম। ভাৰতৰ প্ৰাক্তন বিত্তমন্ত্রী চিদাম্বৰম ভাৰতীয় অৰ্থনীতিৰ ক্ষেত্ৰখনত সম্পাদন কৰা যথেষ্ট প্রভাৱশালী কাৰ্যৰ বাবে বিখ্যাত।

You might also like
Leave A Reply

Your email address will not be published.