Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
টাই আহোমক জনজাতিকৰণ আৰু আহোমলেণ্ডৰ দাবীত ডিব্ৰুগড়ত সমদল টাইপাৰ
ডিব্ৰুগড়, ৯ জুনঃ টাই আহোম সকলক জনজাতিকৰণ, স্বায়ত্ব-শাসন আৰু আহোমলেণ্ডৰ দাবীত আজি ডিব্ৰুগড় সদৰত এক বিক্ষোভ কার্য্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদ,অসমে। টাই আহোম যুৱ পৰিষদ; অসম (টাইপা)ৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত ডিব্ৰুগড় নগৰৰ চৌকিডিঙ্গিস্থিত সাহিত্য সভাৰ ভৱনৰ পৰা ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্য্যালয়লৈ এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে।
বৰ্তমান বিজেপিৰ মিত্ৰজোঁট চৰকাৰে নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত টাই আহোমকে ধৰি অসমৰ ছয় জনগোষ্ঠীক শাসনলৈ আহিলেই জনজাতিকৰণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু শাসনৰ বাঘজৰি হাতলৈ অহাত ছয় জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি কাৰ্যকৰী নকৰি চৰম প্ৰতাৰণা কৰি অহা অভিযোগত আজি পুনৰ ডিব্ৰুগড় মহানগৰত চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ -বতাহ কপাই তোলে টাইপাই।
Related Posts
এই বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চাও বিজয় ৰাজকোঁৱৰ, কাৰ্যকৰী সভাপতি ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁই, যুটীয়া সম্পাদক মনোৰঞ্জন গগৈ প্ৰমূখ্য কৰি কেইবাজনো কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰি নেতৃত্ব প্ৰদান কৰে।
অহা ২০২৬ ৰ বিধাধসভা নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে পৃথক আহোমলেণ্ডৰ দাবীত অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হুংকাৰ দিছে টাইপাই।
প্ৰতিবাদী কাৰ্যসূচী অন্তত ডিব্ৰুগড় জিলা আয়ুক্তৰ যোগেদি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like