সুৰক্ষিত, বিকশিত, সমৃদ্ধিশালী অসমৰ বাবে বিজেপিৰ বিকল্প নাইঃ দিলীপ শইকীয়া
ডিজিটেল ডেস্কঃ “এখন সুৰক্ষিত, বিকশিত, সমৃদ্ধিশালী, আত্মনির্ভৰশীল তথা স্বাভিমানী অসম নিৰ্মাণৰ বাবে বিজেপি চৰকাৰৰ বিকল্প নাই।” এই বক্তব্য ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াৰ। ৰাজ্য চৰকাৰৰ নিজা অগ্রাধিকাৰপ্ৰাপ্ত পুঁজিৰ অধীনত সভাপতি গৰাকীয়ে প্রতিনিধিত্ব কৰা লোকসভা সমষ্টিব দৰং-ওদালগুৰিৰ অন্তৰ্গত ছিপাঝাৰ বিধানসভা সমষ্টিৰ ঐতিহাসিক শ্রীশ্রী খটৰা সত্ৰৰ আন্তঃগাঁঠনি উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰি সভাপতি গৰাকীয়ে বিজেপি নেতৃত্বাধীন ৰাজ্যৰ ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা ভৱিষ্যদর্শী, বলিষ্ঠ পদক্ষেপ সমূহৰ ভূয়সী প্রশংসা কৰে। নিজৰ ভাষণত হাজাৰ বছৰীয়া সনাতন পৰম্পৰাৰ কথা উল্লেখ কৰি সভাপতি শইকীয়াই কয় যে সনাতন শব্দৰ অৰ্থ হ’ল চিৰন্তন।

মহাপুৰুষ শ্রীশ্রীমাধৱ দেৱ গুৰুজনাৰ এফাঁকি নামঘোষাৰে নিজৰ বক্তব্য আৰম্ভ কৰি অসমৰ সাংস্কৃতিক ঐতিহ্যত শ্রীশ্রী খটবা সত্ৰৰ গুৰুত্বৰ ওপৰত তেখেতে আলোকপাত কৰে। সমূহ হিন্দু ধর্মাবলম্বী জনসাধাৰণলৈ সমাগত শ্রীশ্রী মহাশিৱৰাত্রি উপলক্ষে শ্রীশইকীয়াই শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, মঙ্গলদৈ খেলপথাৰৰ ইন্দৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপনৰ পাছত সভাপতি গৰাকীয়ে শ্রীশ্রী নৱগ্রহ শ্মশানৰ নিৰামূহীয়া শিৱ মন্দিৰ প্রাঙ্গনত বাতিলৈ অনুষ্ঠিত হ’বলগীয়া ৰুদ্রযজ্ঞ আৰু শিৱ পূজাত অংশগ্ৰহণ কৰে।