২৩ ফেব্ৰুৱাৰী ২০২৬: মনত দুৰ্বাৰ হেঁপাহ, প্ৰৱল ইচ্ছাশক্তি আৰু সাধনা থাকিলে পৃথিৱীৰ সকলো কাম সহজ হৈ পৰে। সেই কথাকেইযেন প্ৰমাণ কৰি দেখুৱালে এজন অৱসৰী শিক্ষক। ৭৩ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ চন্দ্ৰ বৰাই।

https://www.facebook.com/share/v/1CFjrKu4f3/
শিক্ষাৰ ক্ষেত্ৰত বয়স কেতিয়াও হেঙাৰ হ’ব যে নোৱাৰে তাকে প্ৰমাণ কৰিলে যোৰহাট জিলাৰ কাকজান বাম কুকুৰা চৰাৰ নিবাসী তথা ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসৰী শিক্ষক কেশৱ চন্দ্ৰ বৰাই। তেখেতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২০১৬ চনত অৱসৰ গ্ৰহণ কৰা কেশৱ চন্দ্ৰ বৰাই ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষকৰূপে বঁটা লাভ কৰাৰ লগতে অঞ্চলটোৰ সামাজিকভাৱে বহু অনুষ্ঠানৰ লগত জড়িত। উল্লেখ্য যে তেওঁ এখন আত্মজীৱনী প্ৰকাশ লগতে ৯ খন গ্ৰন্থ প্ৰকাশৰ পথত আগবাঢ়িছে। ইয়াৰ ওপৰিও কবিতা,প্ৰৱন্ধকে বহু লেখা-মেলা কৰি তেওঁ সাহিত্য জগত খনলৈ বহু অৱদান আগবঢ়াইছে। তেওঁ কাকজান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা ২০১৬ চনত অৱসৰ গ্ৰহণ কৰি বৰ্তমান সামাজিক ভাৱে বিভিন্ন অনুষ্ঠানত ওতঃপ্ৰোত ভাবে জড়িত হৈ আছে।
টীয়কৰ পৰা বিৰাজ বৰাৰ REPORT
https://www.facebook.com/nebharat24