২৩ ফেব্ৰুৱাৰী ২০২৬: ব্যক্তিগত ৰেল কৰিডৰ নিৰ্মাণেৰে পৰিণত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী অসমীয়া ব্যক্তি। ২৫০ বিঘা মাটিত স্থাপন কৰিলে এটা ব্যক্তিগত ৰেল লাইন। প্ৰায় ২৫০ কোটি টকাৰে নিৰ্মাণ কৰিলে তেখেতৰ সপোনৰ আঁচনি। বাইহাটা চাৰিআলিৰ কনক ডেকাই নিৰ্মাণ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেলৱে কৰিডৰ।
ভাৰতীয় ৰেল মান চিত্ৰত BRGB নামেৰে নামাকৰণ কৰি আজিৰে পৰা আৰম্ভ কৰিলে মালবাহী ৰেলসেৱা। উক্ত প্ৰকল্পত এহেজাৰো অধিক স্থানীয় নিবনুৱাক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হব। এই অনুষ্ঠানত ৰেল বিভাগৰ বহু উচ্চ পৰ্যায়ৰ কেইবা গৰাকীও বিষয়াৰ উপস্থিতিত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৰেলসেৱাৰ ফ্লেগ অৱ কৰে।২০২০ চনত আৰম্ভ কৰা এই প্ৰকল্পটিৰ আজি বাস্তৱ ৰূপে পৰিণত হ’ল।

ইতিমধ্যে কেবাটাও বহু জাতিক কোম্পানীয়ে এই ৰেলসেৱাৰ লগত সংযুক্ত হৈছে।প্ৰধানমন্ত্ৰী গতিশক্তি আঁচনিৰ অধীনত এই প্ৰকল্প নিৰ্মাণকাৰ্য্য সমাপন কৰিছে ব্যৱসায়ী কনক ডেকাই। এডভান্টেজ অসম ২ ত স্বাক্ষৰ কৰা পাঁচশ কোটি টকা চুক্তিমৰ্মে এই প্ৰকল্প সম্পূৰ্ণ কৰে কনক ডেকাই।
বাইহাটা চাৰিআলিৰ পৰা বিজুমাৰ REPORT
https://www.facebook.com/nebharat24
https://www.instagram.com/nebharat24new/
https://www.youtube.com/@nebharat24