Assam| a-five-day-continuing-medical-education-workshop: এইমছ গুৱাহাটীৰ জৈৱ ৰসায়ন বিভাগৰ উদ্যোগত পাঁচদিনীয়া কন্টিনিউয়িং মেডিকেল এডুকেচন কৰ্মশালা

গুৱাহাটী:এইমছ গুৱাহাটীৰ জৈৱ ৰসায়ন বিভাগে ২৫ ৰ পৰা ২৯ এপ্ৰিল, ২০২৬লৈ ডিএনএ দিৱস (২৫ এপ্ৰিল) আৰু আন্তঃৰাষ্ট্ৰীয় ইমিউন’লজী দিৱস (২৯ এপ্ৰিল) উপলক্ষে “ডিএনএ বায়’লজী, মলিকুলাৰ ডায়েগনষ্টিকছ, এণ্ড এডভান্সেছ ইন ইমিউন’লজী” বিষয়ক পাঁচদিনীয়া কন্টিনিউয়িং মেডিকেল এডুকেচন (চিএমই) কৰ্মশালা সফলতাৰে আয়োজন কৰে। নতুন দিল্লীৰ ভাৰত চৰকাৰৰ স্বাস্থ্য গৱেষণা বিভাগে ছাপৰ্ট টু ইনষ্টিটিউট প্ৰগ্ৰেমৰ অধীনত এই অনুষ্ঠানত সহযোগিতা আগবঢ়ায়।

চিএমইত ১২৫ জনতকৈ অধিক প্ৰতিনিধিয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। অনুস্থানত ড° অমিত অৱস্তি (টিএইচটিআই, ফৰিদাবাদ), ড° অমিত সিং (আইআইএছচি বেংগালুৰু), ড° ৰূপেশ শ্ৰীবাস্তৱ (এইমছ নতুন দিল্লী), আৰু ড° দিগন্ত দাস (জিএমচিএইচ গুৱাহাটী)কে ধৰি বিশিষ্ট বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাত ইমিউন’লজীৰ সমসাময়িক বিষয়বস্তুৰ ওপৰত বক্তৃতা প্ৰদান কৰা হয়, য’ত প্ৰদাহজনিত আন্ত্ৰিক ৰোগত আন্ত্ৰিক মাইক্ৰ’বায়’টা, যক্ষ্মা ৰোগত মেক্ৰ’ফেজ বিপাকীয় ক্ৰিয়া, প্ৰাথমিক ইমিউন’ডেফিচিয়েন্সি ৰোগ, আৰু অষ্টিঅ’পৰ’ছিছত আন্ত্ৰিক-ইমিউন-হাড়ৰ অক্ষ আদি বিষয়সমূহ সামৰি লোৱা হয়।https://adtu.in/

ADVERTISEMENT

চিএমইৰ পিছত এখন কৰ্মশালা অনুষ্ঠিত হয় য’ত অংশগ্ৰহণকাৰীসকলে অত্যাধুনিক কৌশল যেনে ডিএনএ আৰু আৰএনএ পৃথকীকৰণ, ডিএনএ পৰিমাণ নিৰ্ণয় আৰু বিশুদ্ধতা মূল্যায়ন, পিচিআৰ ভিত্তিক বিশ্লেষণ, আৰু ড্ৰপলেট ডিজিটেল পিচিআৰ (ডিডিপিচিআৰ)ৰ সৈতে ব্যৱহাৰিক দিশবোৰৰ জ্ঞান লাভ কৰে।
ডিএনএ আৰু আন্তঃৰাষ্ট্ৰীয় ইমিউন’লজী দিৱস উপলক্ষে এইমছ গুৱাহাটীৰ বিশেষ অনুষ্ঠান

সভাত ভাষণ প্ৰদান কৰি এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অধ্যাপক (ডাঃ) অশোক পুৰাণিকে আধুনিক স্বাস্থ্যসেৱাত আণৱিক নিদান আৰু ইমিউন’লজীৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে গৱেষণা আৰু ক্লিনিকেল প্ৰেকটিছৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে এনে সামৰ্থ্য বিকাশৰ পদক্ষেপ অতি প্ৰয়োজনীয়। তেওঁ অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ শিক্ষণক উন্নত ৰোগীৰ যত্ন আৰু উদ্ভাৱনীমূলক গৱেষণালৈ ৰূপান্তৰ কৰিবলৈ উৎসাহিত কৰে আৰু এই জটিল বিষয়বস্তুসমূহক চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী স্থানলৈ অনাৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক সুবাস গুপ্তাই অন্যান্য অধ্যাপকৰ লগতে প্ৰতিনিধিসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু নিয়োজিত হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

You might also like
Leave A Reply

Your email address will not be published.