নিউজডেস্ক: নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁটে গুৱাহাটীৰ হোটেল ৰত্নাৱলীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী তথা অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক ডি কে শিৱকুমাৰ, ছত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ ৱাঘেল, ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বন্ধু তিৰ্কী আৰু অসমৰ তত্ৱাৱধায়কৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, মিত্ৰদল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, চিপিআইএম আৰু চিপিআইএমএলৰ নেতৃবৰ্গৰ লগতে কাৰ্বি পাহাৰৰ দল এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰেও অংশগ্ৰহণ কৰে।
নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিৰোধী দলসমূহৰ প্ৰাৰ্থীসকলৰ উপস্থিতিত আয়োজিত এই বৈঠকত আটায়েই ৪ মে’ৰ ফলাফলত কংগ্ৰেছ নেতৃত্বাধীন মিত্ৰজোঁটে এনডিএ চৰকাৰক ওফৰাবলৈ সমৰ্থ হ’ব বুলি দৃঢ় মত পোষণ কৰে আৰু সেই অনুযায়ী ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰে।
ভোটগণনাৰ সময়ত যাতে কোনো এটা ভোটগণনা কেন্দ্ৰতে শাসকপক্ষই খেলিমেলি সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ল’বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। বৈঠকত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়, সাংসদ ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, চিপিআইএম দলৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰকে আদি কৰি কেবাগৰাকী জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে।
বৈঠকৰ অন্তত আয়োজিত এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে দৃঢ়তাৰে কয় যে উজনি, নামনি, বৰাক, পাৰ্বত্য অঞ্চলকে ধৰি সমগ্ৰ অসমতে সৰ্বস্তৰৰ ৰাইজে এইবাৰ নতুন এখন চৰকাৰ গঢ় দিবলৈ নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ৪ মে’ৰ ফলাফলত ইয়াৰ স্পষ্ট প্ৰতিফলন দেখিবলৈ পোৱা যাব বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।
তেওঁ আৰু কয় যে ভোটগ্ৰহণৰ দিনৰ পৰা আজিলৈকে বিভিন্ন ঠাইত শাসনাধিষ্ঠিত দলটোৱে নিজৰ প্ৰভাৱ খটুৱাই বেমেজালিৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছিল যদিও তৃণমূল পৰ্যায়ত কাম কৰি থকা বিৰোধীৰ নেতা-কৰ্মী তথা সচেতন ৰাইজে খবৰ দিয়া মাত্ৰকে তেনে বেমেজালি সন্দৰ্ভত প্ৰশাসনক অভিযোগ দাখিল কৰি তৎপৰতাৰে সেয়া নাইকিয়া কৰা হৈছে।
ভোটগণনাৰ সময়ত যাতে কোনোধৰণ পক্ষপাতিত্বমূলক কাণ্ড-কাৰখানা সংঘটিত হ’ব নোৱাৰে সেই সন্দৰ্ভত বিৰোধীৰ প্ৰাৰ্থী তথা আন কৰ্মকৰ্তাসকলৰ সৈতে আজিৰ বৈঠকত বিশদভাৱে আলোচনা কৰা হয় বুলিও জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে। এগজিট প’ল সন্দৰ্ভত গগৈয়ে কয়, ”এগজিট প’লৰ জৰিয়তে যি বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ শাসকপক্ষই চেষ্টা চলাইছে, সেই বিভ্ৰান্তিত বিৰোধী দলৰ কোনো নেতা-কৰ্মীয়ে ভৰি দিয়া নাই আৰু অসমৰ ৰাইজেও ভৰি দিয়া নাই।’’ সংবাদমেলত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে অসমত এইবাৰ নতুন চৰকাৰ হোৱাতো নিশ্চিত। তেওঁ কয়, ”ভোটগণনাৰ দিনা শাসকপক্ষই বিভিন্ন কূট-কৌশল অৱলম্বন কৰিবলৈ চেষ্টা চলাব। প্ৰশাসনযন্ত্ৰকো ব্যৱহাৰ কৰিবলৈ অপচেষ্টা চলাব।
বিজেপিৰ বিৰুদ্ধে আমি বহু নিৰ্বাচন খেলিছো আৰু অভিজ্ঞতাৰ দিশৰ পৰা এই কথা আমি ভালকৈয়ে জানো। সেয়ে আমি সকলোৱে সষ্টম হৈ আছো। দিল্লীত আমাৰ ৱাৰৰুম সষ্টম হৈ থাকিব। আমাৰ লিগেল দলো অসমত সক্ৰিয় হৈ আছে। আমি আমাৰ প্ৰাৰ্থীসকলক সকলো সময়তে সুৰক্ষিত কৰি ৰাখিবলৈ বদ্ধপৰিকৰ।’’ আনহাতে, এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় কংগ্ৰেছ দলে এইবাৰ প্ৰতিকূল পৰিস্থিতিকো নেওচি শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
বিজেপিৰ প্ৰাৰ্থীসকলে ৪০-৫০ কোটি পৰ্যন্ত টকা খৰছ কৰি নিৰ্বাচন খেলিছে। ভোট ক্ৰয়ৰ দৰে কাৰ্যতো লিপ্ত হৈছে। ভয়-ভাবুকিৰ ৰাজনীতি কৰিছে। ইমানৰ পিছতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সকলো প্ৰত্যাহ্বান নেওচি নিৰ্বাচনত সমুখৰ পৰা দলটোক নেতৃত্ব দিছে। অসম কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে মিত্ৰদলৰ নেতা অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু আন নেতাসকলকো নিৰ্বাচনত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ কয়, ”নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বৰে পৰা বিজেপিৰ নেতাসকলে ৯০-৯৫ খন আসন পাব বুলি দাবী কৰি আহিছিল। যদি তেওঁলোকে ইমান আসন পাব বুলি নিশ্চিত হৈ আছিলেই তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আন কেন্দ্ৰীয় মন্ত্ৰীসকলক মাতি আনি ৫০-৬০খনকৈ ৰেলী কিয় অনুষ্ঠিত কৰিবলগীয়া হৈছিল? নিৰ্বাচনৰ ফলাফল যে বিজেপিৰ পক্ষে ভাল নহ’ব সেই কথা গম পায়েই মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল ক’বলৈ আৰম্ভ কৰিছিল। পৰাজয়ৰ আশংকাত দিকবিদিক হেৰুৱাই মুখ্যমন্ত্ৰীয়ে মল্লিকাৰ্জুন খাৰ্গে, পৱন খেৰা, গৌৰৱ গগৈৰ লগতে সমগ্ৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে অশালীন মন্তব্য কৰিছিল।
লগতে, সাংবাদিকসকলৰ বিষয়েও তেওঁ অশোভনীয় মন্তব্য কৰিছিল। এনে আচৰণৰ পৰা এটাই কথাই স্পষ্ট হৈ পৰে যে বিজেপি আৰু মুখ্যমন্ত্ৰী হতাশ হৈ পৰিছে।’’ এগজিট প’ল সম্পূৰ্ণৰূপে ভুল বুলিও কয় জিতেন্দ্ৰ সিঙে। এগজিট প’ল মেনেজ কৰা হৈছে বুলিও সিঙে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সংবাদমেলত ভাগ লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে ৪ মে’ত বিৰোধীৰ মিত্ৰজোঁট জয়ী হ’ব আৰু গৌৰৱ গগৈ অসমৰ নতুন মুখ্যমন্ত্ৰী হ’ব। গগৈয়ে কয়, ”১৯৯৩ চনৰ পৰা মই মানুহৰ লগত আছো। সভা-সমিতি, আন্দোলন কৰি আহিছো। মানুহৰ মনৰ কথা মই বুজি পাও। এইবাৰ আমাৰ চৰকাৰ হোৱাতো নিশ্চিত।
আমি ৭০খনতকৈ অধিক আসন লাভ কৰিম। অহা ৪ মে’ত দিনৰ ১ বজাৰ ভিতৰত অসমৰ ৰাইজে সেয়া দেখিবলৈ পাব।’’ আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ৪ মে’ত বিজেপি চৰকাৰ পতন ঘটাটো নিশ্চিত বুলি কয়। ২০১৬ আৰু ২০২১ চনৰ পৰিসংখ্যাও লুৰীণজ্যোতি গগৈয়ে দাঙি ধৰে। তেওঁ কয় যে ২০১৬ চনত মোদী ঢৌ থকাৰ পিছতো বিজেপিয়ে মাত্ৰ ৬০ খন আসনতহে জয়ী হৈছিল আৰু সেইবাৰ বিজেপি মিত্ৰজোঁটে ৮৬খন আসন লাভ কৰিছিল।
২০২১ চনত বিৰোধী বহুধা বিভক্ত হৈ আছিল যদিও সেইবাৰো বিজেপিয়ে ৬০খন আসনতহে জয়ী হৈছিল আৰু এনডিএ মিত্ৰজোঁটৰ আসন ৭৫ খনলৈ হ্ৰাস পাইছিল। এইবাৰ যিহেতু বিৰোধীয়ে একত্ৰিতভাৱে অৱতীৰ্ণ হৈছে আৰু শক্তিশালীভাৱে নিৰ্বাচন খেলিছে, লগতে অসমৰ ৰাইজ বিজেপি চৰকাৰৰ অতপালিত অতিষ্ঠ হৈ পৰিছে তেনে সময়ত এগজিট প’লে বিজেপি ১০০খন পৰ্যন্ত আসন পাব বুলি কৰা দাবী হাস্যকৰ। বিজেপিৰ প্ৰাৰ্থীসকল এইবাৰ চিপৰাং ৰাজনীতিৰ বলি হোৱাৰ কথা দিল্লীৰ পৰা এগজিট প’ল কৰাসকলে দেখা নোপোৱাটোৱেই স্বাভাৱিক বুলিও কয় লুৰীণজ্যোতি গগৈয়ে।
২০২৪ৰ লোকসভা নিৰ্বাচনত এগজিট প’লে যিদৰে মুখথেকেচা খাইছিল এইবাৰো তেনেকুৱাি হ’ব বুলিও কয় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে। আনহাতে, এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰে কয় যে কাৰ্বি আংলং জিলাত বিৰোধীৰ ফলাফল আশাব্যঞ্জক হ’ব। তেওঁ আৰু কয় যে অসমৰ জনতাই বিজেপিৰ মিছা প্ৰতিশ্ৰুতি এইবাৰ ভালকৈ বুজি পাই ভোটদান কৰিছিল। সেয়ে এগজিট প’ল ভুল প্ৰতিপন্ন হ’ব বুলি উল্লেখ কৰি কাথাৰে এইবাৰ অসমত বিৰোধীৰ চৰকাৰ হোৱাতো নিশ্চিত বুলি কয়। উল্লেখ্য যে আজিৰ সংবাদমেলখন আঁত ধৰে এপিচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই।