নিউজ ডেস্কঃ মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতগ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।সংবাদমেল যোগে ড০ শৰ্মাই জানিবলৈ দিয়ে যে মঙলবাৰৰ কেবিনেটে কৃষিভূমি অনা কৃষি ভূমিলৈ ৰূপান্তৰ কৰাৰ বাবে এতিয়াৰ পৰা জিলা আয়ুক্তৰ কোনো অনুমতি নালাগে। কৃষি ভূমিৰ গৰাকীয়ে যদি তেওঁৰ মাটিখিনি অনা কৃষি কামত ব্যৱহাৰ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে তেন্তে নিৰ্দেষ্ট পৰ্টেলত গৈ আবেদন কৰিব লাগিব।
একেদৰে ব্য়ক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় স্থাপনৰ বাবে পূৰ্বতে গ্ৰাম্য এলেকাত ৬০ বিঘা আৰু নগৰীয়া এলেকাত ৩০ বিঘা মাটিৰ প্ৰয়োজন হৈছিল। কেবিনেটে চৰকাৰৰ এই নীতি সংশোধন কৰি গাঁও এলেকাত ৬০ৰ পৰা ৩০ বিঘালৈ আৰু নগৰীয়া এলেকাত ৩০ৰ পৰা ২১ বিঘালৈ মাটিৰ পৰিমাণ হ্ৰাস কৰে। ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় যাতে অসমলৈ অধিক হাৰত আহে সেই উদ্দেশ্যে এই নীতি লয় চৰকাৰে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ক্ষেত্ৰটো গাঁও এলেকাৰ ৬ বিঘাৰ পৰা ৩ বিঘালৈ আৰু নগৰীয়া এলেকাত ২ বিঘাৰ পৰা ১ বিঘালৈ হ্ৰাস কৰে। অসম চাহ উন্নয়ন নিগমলৈ কেবিনেটে ৯.৭৫ কোটি টকা প্ৰদান কৰে।

হোমষ্টেৰ ক্ষেত্ৰত নতুন নীতি আনি তেওঁলোকক নিৰ্দিষ্ট পৰ্টেলত পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰিছে। লগতে হোমষ্টেত পূৰ্বতে ৬টা কোঠাৰ প্ৰয়োজন আছিল যদিও এতিয়া ৮ টালৈ বৃদ্ধি কৰা হৈছে। হোমষ্টেৰ বাবে সুকীয়া নীতি গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকিইছিৰ অসম ভ্ৰমণ বাতিল হোৱা বুলিও অৱগত কৰে ড০ শৰ্মাই। অৱশ্যে কি কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ বাতিল হ’ল সেই সন্দৰ্ভত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰীৰ সৈতে পৰৱৰ্তী সময়ত আলোচনা কৰিব বুলি জানিবলৈ দিয়ে। কেবিনেটে লগতে ২০০ বছৰীয়া পুৰণি ঐতিহ্য ক্ষেত্ৰৰ ৫ কি.মি ব্যাসাৰ্দ্ধত বিশেষ শ্ৰেণীৰ লোকৰ বাবে ভূমি ক্ৰয় নীতি বন্ধ ৰখা বিষয়টোৰ ক্ষেত্ৰতো সংশোধন ঘটাব বুলি জানিবলৈ দিয়ে।