শিৱসাগৰ, ৬ আগষ্টঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়সমূহ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইও উপস্থিত থাকে।
বৈঠকত বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। ইয়াৰ উপৰিও শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু অন্যান্য বান-পৰৱৰ্তী ব্যৱস্থাসমূহো বৈঠকত পৰ্যালোচনা কৰা হয়।
বৈঠকত জিলা আয়ুক্তই অৱগত কৰে যে, জিলাখনৰ প্ৰায় ৪৩ হাজাৰ বানপীড়িত পৰিয়ালে ইতিমধ্যে অসম চৰকাৰৰ ১৫,০০০ টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই জিলা প্ৰশাসনক সকলো যোগ্য বানপীড়িত পৰিয়ালে সময়মতে এই সাহায্য লাভ কৰাটো নিশ্চিত কৰাৰ লগতে কোনো বানপীড়িত পৰিয়াল যাতে বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনক পুনৰ সংস্থাপনমূলক সকলো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সকলো বিভাগৰ মাজত সুসমন্বয় ৰক্ষা কৰি কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে, মন্ত্ৰী পীযুষ হাজৰিকা বিগত সাত দিন ধৰি শিৱসাগৰত অৱস্থান কৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান সাহায্য আৰু পুনৰ সংস্থাপনমূলক কাৰ্যসূচীসমূহ ব্যক্তিগতভাৱে তদাৰক কৰি আহিছে। বিশেষকৈ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত নাজিৰা বিধানসভা সমষ্টিত তেওঁ নিয়মীয়াকৈ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপনমূলক ব্যৱস্থাসমূহৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি আহিছে।
জিলা প্ৰশাসনৰ সহযোগত সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰা পৰিয়ালসমূহৰ বাবে গৃহ নিৰ্মাণৰ লক্ষ্যৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যাতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক শীঘ্ৰে আশ্ৰয় আৰু প্ৰয়োজনীয় সহায় আগবঢ়াব পৰা যায়।