Assam| The Rashtriya Swayamsevak Sangh: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বানপীড়িতৰ মাজত সাহায্য আৰু উদ্ধাৰ অভিযান

The Rashtriya Swayamsevak Sangh

গুৱাহাটী, ৬ আগষ্টঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ.এছ.এছ.)-ৰ স্বয়ংসেৱক আৰু বিবিধ সংগঠনৰ কাৰ্যকৰ্তা সকলে উজনি অসমৰ ভয়াবহ বানপানীত ক্ষতিগ্ৰস্ত পৰিয়াল সমূহৰ বিভিন্ন প্ৰকাৰে উদ্ধাৰ আৰু সাহাৰ্য কাৰ্যসূচী অব্যাহত ৰাখিছে। বানপানীত আক্ৰান্ত শিৱসাগৰ , চৰাইদেউ আৰু যোৰহাট জিলাৰ হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰাৰ লগতে খাদ্য, বিশুদ্ধ খোৱাপানী, নিৰাপদ আশ্ৰয় আৰু জৰুৰী চিকিৎসা সেৱাৰ তীব্ৰ সংকটৰ সন্মুখীন হৈছে। এনে এক দুৰ্যোগপূৰ্ণ মুহূৰ্তত স্বয়ংসেৱকসকলে নিৰৱচ্ছিন্নভাৱে আক্ৰান্ত অঞ্চলসমূহত সেৱা আগবঢ়াই আহিছে।

বিগত ২০ জুলাইৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিবিধ সংগঠনৰ প্ৰায় ১৯১২ গৰাকী স্বয়ংসেৱকে উদ্ধাৰ , সাহাৰ্য, গৃহ নিৰ্মাণৰ লগতে ছাফাই অভিযান অব্যাহত ৰাখিছে ৷ বানত আক্ৰান্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ প্ৰায় ৩৭৮ খন গাঁৱৰ প্ৰায় ৪০১৬৮ টা পৰিয়ালক স্বয়ংসেৱক সকলে সাহাৰ্য সামগ্ৰী যোগান ধৰাৰ লগতে বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াই আহিছে ৷ সাম্প্ৰতিক ভয়াৱহ বান পৰিস্থিতিৰ কিছু পৰিমাণে শাম কাটিছে যদিও সাহাৰ্য, উদ্ধাৰ আৰু শ্ৰমদান শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বয়ংসেৱক সকলে যিয়ে যি ধৰণে পাৰে সহায়ৰ হাত আগবঢ়াই আহিছে ৷

আনকি, শিৱসাগৰ জিলাৰ বেতবাৰী অঞ্চলৰ কাকতি গাঁও, ডি-গাঁও, ২ নং কোঁৱৰ গাঁও ,নেপালি খুটি ,বিহুবৰ আৰু চেতিয়া কৈৱৰ্ত গাঁও আদি অঞ্চলত স্বয়ংসেৱকসকলে এক ব্যাপক উদ্ধাৰ অভিযান চলাই ২০০ ৰো অধিক লোকক বানৰ কৱলৰ পৰা উদ্ধাৰ কৰি নিৰাপদ স্থান আৰু সাহায্য শিবিৰলৈ স্থানান্তৰিত কৰে। সুন্দৰ পুখুৰী, বামুণ পুখুৰী, গেলেকী আৰু ৰাজাবাৰী আদি জলমগ্ন অঞ্চলসমূহত সৰু নাৱৰ সহায়ত আৱদ্ধ পৰিয়ালসমূহৰ ওচৰ পাই ৰন্ধা খাদ্য, বিশুদ্ধ খোৱাপানী, জীৱনদায়িনী ঔষধ, বস্ত্ৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে। আনহাতে ,যোৰহাট জিলাৰ এলেংমৰা, কাতিৰাম চুক, কুলাই চুক, নালিয়া চুক, শেনচোৱা চুক আৰু চাৰিঘৰীয়া চুকত আদি অঞ্চলত এই সাহায্য অভিযান অব্যাহত ৰাখিছে ।

বন্যাপীড়িত পৰিয়াল সমূহৰ মাজত আগবঢ়োৱা প্ৰধান সাহায্য সামগ্ৰীসমূহ হ’ল: চাউল, চেনী, দাইল, শিশু খাদ্য, নিমখ, আলু, পিন্ধা আৰু বিচনাৰ কাপোৰ, বাচন -বৰ্তন, ত্ৰিপাল, মমবাতি , ম’হ খেদোৱা কয়েল , বিভিন্ন প্ৰকাৰৰ শুকান খাদ্য, বিস্কুট, বিশুদ্ধ খোৱাপানী , চাবোন, ফিটকিৰি , প্ৰয়োজনীয় ঔষধ-পাতিকে ধৰি প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী। ইফালে, বানাক্ৰান্ত অঞ্চল সমূহত নেচনেল মেডিকোজ অৰগেনাইজেচন (NMO) ৰ সহযোগত স্বয়ংসেৱক সকলে এই পৰ্যন্ত 50 টাৰো অধিক চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰি সেৱা আগবঢ়াই আছে ৷

উল্লেখ্য, হঠাৎ অহা বানপানীয়ে ঘৰ সমূহ বুৰাই পেলোৱাত বানাক্ৰান্ত ৰাইজে কোনো সামগ্ৰীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত তেওঁলোকৰ সকলো প্ৰকাৰৰ সামগ্ৰীৰ প্ৰয়োজন হৈ পৰিছে ৷ এইক্ষেত্ৰত স্বয়ংসেৱক সকলে সকলো প্ৰকাৰৰ সামগ্ৰী বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰি আছে ৷ প্ৰথম অৱস্হাত স্বয়ংসেৱক সকলে সৰু নাৱেৰে জলমগ্ন ঘৰসমূহত খাদ্য-পানী যোগান ধৰাৰ উপৰিও বৃদ্ধ, মহিলা, শিশু আৰু অসুস্থ লোকসকলক নিৰাপদ স্থানলৈ আনি জৰুৰী চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমান বানাক্ৰান্ত ৰাইজৰ মাজত স্বয়ংসেৱক সকলে বানত ক্ষতি হোৱা ঘৰ সমূহ ঠিক-ঠাক কৰি দিয়াৰ লগতে বিভিন্ন প্ৰকাৰে সহায় কৰি আছে ৷

মনকৰিবলগীয়া কথা, বানাক্ৰান্ত ৰাইজক সেৱা কৰাৰ বাবে উত্তৰ অসম প্ৰান্তৰ কেবাখনো জিলাৰ স্বয়ংসেৱক সকলে বান অধ্যষিত এলেকাত উপস্হিত হৈ দিনে নিশাই সেৱা কৰি আছে ৷ তদুপৰি, বিভিন্ন ধৰণৰ জীৱ জন্তৰ খাদ্য পাতিও যোগান ধৰা হৈছে ৷ আনহাতে, কৃষক ৰাইজে যাতে খেতি পথাৰত শস্য ৰোপন কৰিব পাৰে তাৰে বাবেও স্বয়ংসেৱক সকলে ঠায়ে ঠায়ে কঠীয়া সিচি শস্য ৰোপন কৰাৰ ব্যৱস্হা গ্ৰহণ কৰিছে ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিবিধ সংগঠনৰ এই মানৱীয় সেৱা অভিযানে সংঘৰ সেই চিৰন্তন পৰম্পৰাকেই প্ৰতিফলিত কৰিছে, যাৰ বাবে আৰ.এছ.এছ.-ক “Ready for Selfless Service” (নিস্বাৰ্থ সেৱাৰ বাবে সদায় সাজু) বুলি অভিহিত কৰা হয়। “নৰ সেৱাই নাৰায়ণ সেৱা”—এই মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ স্বয়ংসেৱক আৰু বিবিধ সংগঠনৰ কাৰ্যকৰ্তাসকলে এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আক্ৰান্ত লোকসকলৰ কাষত দৃঢ়ভাৱে থিয় দি আশা, সাহস আৰু সম্বল আগবঢ়াই আহিছে ৷

You might also like
Leave A Reply

Your email address will not be published.