গুৱাহাটী: অসমত পথ যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা হ’বলৈ আগবাঢ়িছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে বাইহাটা চাৰিআলি-তেজপুৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰিলেনযুক্ত কৰাৰ বৃহৎ প্ৰকল্পত অনুমোদন জনাইছে। প্ৰায় ৮,৯৭০ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত উত্তৰ অসমৰ যাতায়াত ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন অহাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশতো নতুন গতি লাভ কৰিব বুলি আশা কৰা হৈছে।
প্ৰস্তাৱিত এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য প্ৰায় ১৩৫ কিলোমিটাৰ। বৰ্তমান এই পথছোৱা অতিক্ৰম কৰিবলৈ যাত্ৰীৰ প্ৰায় ৩.৫ ঘণ্টা সময় লাগে। কিন্তু চাৰিলেনযুক্ত পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় প্ৰায় ১.৭ ঘণ্টালৈ হ্ৰাস পাব। ইয়াৰ ফলত যান-বাহনৰ গতি বৃদ্ধি পোৱাৰ লগতে যাত্ৰাৰ সময়, ইন্ধনৰ খৰচ আৰু পথ দুৰ্ঘটনাৰ আশংকাও হ্ৰাস পাব বুলি আশা কৰা হৈছে। বাইহাটা চাৰিআলি-তেজপুৰ পথটো অসমৰ এক গুৰুত্বপূৰ্ণ যোগাযোগ পথ।
এই পথৰ জৰিয়তে কামৰূপ, দৰং, শোণিতপুৰকে ধৰি উত্তৰ অসমৰ কেইবাখনো জিলাৰ মাজত সংযোগ স্থাপন হয়। চাৰিলেনযুক্তকৰণৰ ফলত এই অঞ্চলসমূহৰ বাণিজ্যিক কাৰ্যকলাপ, কৃষিজাত সামগ্ৰীৰ পৰিবহণ, উদ্যোগ আৰু পৰ্যটন ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে অসমত উন্নত আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপে ৰাজ্যখনৰ উন্নয়নৰ পথ অধিক শক্তিশালী কৰিছে। উল্লেখযোগ্য যে অসমত বিগত সময়ছোৱাত কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্পৰ কাম আগবাঢ়িছে। কাজিৰঙা এলিভেটেড কৰিডৰ, গুৱাহাটী ৰিং ৰোড, শিলচৰ এক্সপ্ৰেছ ৱে, গহপুৰ-নুমলীগড় টানেল নিৰ্মাণ আদি প্ৰকল্পই ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাক আধুনিক ৰূপ দিয়াৰ লক্ষ্যৰে আগবঢ়াই নিয়া হৈছে।
এইসমূহ প্ৰকল্পৰ সৈতে বাইহাটা চাৰিআলি-তেজপুৰ চাৰিলেন পথ সংযুক্ত হ’লে অসমৰ পথ নেটৱৰ্ক অধিক শক্তিশালী হৈ উঠিব। কেন্দ্ৰীয় চৰকাৰৰ এই অনুমোদনে কেৱল পথ উন্নয়নতে সীমাবদ্ধ নাথাকি অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। উন্নত পথ ব্যৱস্থাই ৰাজ্যখনলৈ অধিক বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে পৰ্যটন আৰু বাণিজ্যৰ সম্ভাৱনাও বৃদ্ধি কৰিব।