Assam| Piyush Hazarika : অসমত সাৰৰ উপলব্ধতা আৰু অইল পাম অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৃষিমন্ত্ৰী পীযুষ হাজৰীকাৰ

Piyush Hazarika

দিছপুৰ, ১১ আগষ্টঃ ৰাজ্যৰ কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই আজি জনতা ভৱনৰ নিজা কাৰ্যালয়ৰ সভাকক্ষত দুখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি ৰাজ্যত সাৰৰ উপলব্ধতা আৰু বিতৰণৰ লগতে ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন–অইল পাম (NMEO-OP) ৰ ২০২৬–২৭ বিত্তীয় বৰ্ষৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

সাৰৰ উপলব্ধতা সন্দৰ্ভত অনুষ্ঠিত বৈঠকত মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ৰাজ্যৰ কৃষকসকলৰ বাবে পৰ্যাপ্ত আৰু সময়মতে সাৰ উপলব্ধ কৰোৱাৰ বিভিন্ন ব্যৱস্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰে । বৈঠকত অসমলৈ সাৰ অনাৰ বাবে বৰ্তমান থকা ১২টা ৰেক পইণ্টৰ বিষয়েও আলোচনা কৰা হয়। সাৰৰ পৰিবহণ আৰু বিতৰণ অধিক ক্ষিপ্ৰ আৰু সুচল কৰাৰ বাবে ৰেক পইণ্টৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।অসমত কাৰ্যকৰী হৈ থকা ৯টা সাৰ কোম্পানীৰ প্ৰতিনিধিক কৃষকসকলৰ বাবে পৰ্যাপ্ত সাৰ মজুত আৰু উপলব্ধতা নিশ্চিত কৰিবলৈ তথা বিশেষকৈ শস্যৰ বতৰত সাৰৰ নাটনি যাতে নহয়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। কৃষকসকলে যাতে নিৰ্ধাৰিত মূল্যত সাৰ লাভ কৰে, সেই বিষয়তো মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

বৈঠকত সাৰৰ অতিৰিক্ত দাম আদায় আৰু ক’লা বজাৰ ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগক নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে কৃষকৰ স্বাৰ্থৰ পৰিপন্থী এনে যিকোনো অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যত উৎপাদিত সাৰৰ উপলব্ধতা বৃদ্ধি আৰু স্থানীয় উৎপাদন শক্তিশালী কৰাৰ লক্ষ্যৰে, সম্ভৱপৰ ক্ষেত্ৰত স্থানীয়ভাৱে উৎপাদিত সাৰক অগ্ৰাধিকাৰ দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা পৰ্যালোচনা কৰিবলৈও কৃষি বিভাগক নিৰ্দেশ দিয়ে।

দ্বিতীয়খন বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন–অইল পাম (NMEO-OP) ৰ ২০২৬–২৭ বিত্তীয় বৰ্ষৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মিছনটোৰ অধীনত মাহভিত্তিক নিৰ্ধাৰিত লক্ষ্য আৰু অৰ্জনৰ পৰ্যালোচনা কৰি সংশ্লিষ্ট কোম্পানীসমূহক অইল পাম ৰোপণৰ কাৰ্যসূচী ক্ষিপ্ৰতৰ কৰাৰ লগতে নিৰ্ধাৰিত লক্ষ্য পূৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা কৃষি বিষয়াসকলেও ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে তেওঁলোকক নিজ নিজ দায়িত্ব অধিক গুৰুত্বসহকাৰে পালন কৰি আঁচনিখনৰ ক্ষেত্ৰভিত্তিক ৰূপায়ণ সুনিশ্চিত কৰাৰ লগতে কৃষকসকলক অইল পাম আঁচনিৰ অধীনত উপলব্ধ সুবিধা আৰু সহায়ৰ বিষয়ে সজাগ কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভোজ্য তেলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণত অসমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ সকলো অংশীদাৰক সু-সমন্বয়েৰে কাম কৰি আঁচনিখনৰ সময়োচিত ৰূপায়ণ নিশ্চিত কৰাৰ লগতে ইয়াৰ সুফল যাতে কৃষকসকলৰ মাজলৈ ফলপ্ৰসূভাৱে যাব পাৰে, তাৰ বাবে আহ্বান জনায়।

বৈঠকসমূহত কৃষি বিভাগৰ আয়ুক্ত-সচিব, কৃষি সঞ্চালক, জ্যেষ্ঠ বিভাগীয় বিষয়াসকল, জিলা কৃষি বিষয়াসকলৰ লগতে সংশ্লিষ্ট ৯টা সাৰ কোম্পানী আৰু অইল পামৰ সৈতে জড়িত কোম্পানীসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.