Assam | 7.7 Magnitude Earthquake In Indonesia: ইণ্ডোনেছিয়াত ৭.৭ প্ৰাৱল্যৰ শক্তিশালী ভূমিকম্প

Assam | 7.7 Magnitude Earthquake In Indonesia: ইণ্ডোনেছিয়াত ৭.৭ প্ৰাৱল্যৰ শক্তিশালী ভূমিকম্প

নিউজডেস্ক: ইণ্ডোনেছিয়াৰ পূৰ্বাঞ্চলত শনিবাৰে পুৱা সংঘটিত হোৱা শক্তিশালী ৭.৭ প্ৰাবল্যৰ ভূমিকম্পত মৃতকৰ সংখ্যা বৃদ্ধি পাই ৩৮ জন হৈছে। দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰব্বী সুহাৰিয়ান্তোৱে সংবাদমেলত এই তথ্য প্ৰকাশ কৰে। তেওঁ জানিবলৈ দিয়া মতে, এই পৰ্যন্ত দুজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু আন ১১ জন সামান্যভাৱে আহত হৈছে। প্ৰায় ২,০০০ লোকে নিজৰ নিৰাপত্তাৰ বাবে ক্ষতিগ্ৰস্ত এলেকাৰ পৰা আঁতৰি গৈছে।

ভূমিকম্পটোৱে মূলতঃ ইণ্ডোনেছিয়াৰ পূব নুছা টেংগাৰা প্ৰদেশৰ ফ্ল’ৰেছ দ্বীপ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ব্যাপক ক্ষতিসাধন কৰিছে। ভূমিকম্পৰ ফলত বহু ঘৰ-দুৱাৰ আৰু অন্যান্য নিৰ্মীয়মান আন্তঃগাঁথনি ভাঙি পৰিছে। ভূমিস্খলনৰ ফলত কেইবাটাও পথ বন্ধ হৈ পৰাত উদ্ধাৰকাৰী দলসমূহে ক্ষতিগ্ৰস্ত অঞ্চলত উপস্থিত হ’বলৈ সমস্যাৰ সন্মুখীন হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ

দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ তথ্য অনুসৰি, মাংগাৰাই আৰু ছিক্কা আদি অঞ্চলত ভূমিকম্পৰ প্ৰভাৱ যথেষ্ট বেছি। উদ্ধাৰকাৰীসকলে ধ্বংসাৱশেষৰ মাজত আৱদ্ধ লোকসকলক বিচাৰি উলিওৱাৰ বাবে অভিযান অব্যাহত ৰাখিছে। চুবুৰীয়া মাংগাৰাই ৰিজেন্সিত ধ্বংসাৱশেষৰ তলত অন্ততঃ দুজন লোক জীৱিত অৱস্থাত আবদ্ধ হৈ থকাৰ তথ্যও পোৱা গৈছে। উদ্ধাৰ অভিযানত ভূমিস্খলনে সৃষ্টি কৰা বাধাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে।

ভূমিকম্পৰ পাছতে উপকূলীয় অঞ্চলসমূহত সম্ভাব্য ছুনামিৰ আশংকাত সতৰ্কতা জাৰি কৰা হৈছিল। অৱশ্যে পাছত পৰিস্থিতি পৰ্যবেক্ষণ কৰি ছুনামি সতৰ্কতা প্ৰত্যাহাৰ কৰা হয়।

ইণ্ডোনেছিয়া ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত আৰু দেশখন ‘পেচিফিক ৰিং অৱ ফায়াৰ’ৰ অংশ। সেয়েহে দেশখনত সঘনাই ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্গীৰণ সংঘটিত হয়। শেহতীয়া ভূমিকম্পটোৰ পাছতো কেইবাটাও আফটাৰশ্বক অনুভূত হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত থকাৰ বাবে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.