নিউজ ডেক্সঃ নেপালত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ। ভোটা কোশী আৰু ত্ৰিশূলী নদীৰ প্ৰলয়ংকৰী বানত বিধ্বস্ত হৈ পৰিছে দেশখনৰ কেইবাটাও অঞ্চল। সময় বাগৰাৰ লগে লগে উদ্ধাৰ হৈছে ইটোৰ পিছত সিটো মৃতদেহ। বৰ্তমানলৈকে ৩৩২ গৰাকী লোকৰ নিথৰ দেহ উদ্ধাৰ কৰা হৈছে, আনহাতে প্ৰায় ১৪০০ লোক এতিয়াও সন্ধানহীন হৈ আছে।
এই ভয়ংকৰ দুৰ্যোগত বহু ভাৰতীয় লোকো নিৰুদ্দেশ হৈছে। ভাৰত চৰকাৰৰ তথ্য অনুসৰি, ২৮৮ গৰাকী ভাৰতীয় নাগৰিক বৰ্তমানেও সন্ধানহীন, আনহাতে ২১ গৰাকীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰি, চীনৰ দিশত প্ৰায় ২০০ গৰাকী ভাৰতীয় আৱদ্ধ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।
ভোটা কোশী আৰু ত্ৰিশূলী নদীৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা বানত ব্যাপক ক্ষয়-ক্ষতি হৈছে। কেইবা শ মাইল দূৰলৈকে উদ্ধাৰ হৈছে মৃতদেহ। ধ্বংসাৱশেষৰ মাজত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে।
দুৰ্যোগৰ কাৰণ সন্দৰ্ভত আমেৰিকাৰ US Geological Survey-এ বৃহৎ আকাৰৰ বৰফখণ্ডৰ বিস্ফোৰণ বা ধসৰ সৈতে এই বানৰ সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে কিহৰ বাবে এই বৃহৎ বৰফখণ্ডৰ এনে পৰিঘটনা সংঘটিত হ’ল, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই। সংস্থাটোৱে লগতে হিমালয় অঞ্চলত বৰ্ধিত উষ্ণতাৰ ফলত বৰফ দ্ৰুতগতিত গলিবলৈ ধৰাৰ বিষয়ে সতৰ্ক কৰি দিছে। ইয়াৰ ফলত ভৱিষ্যতে এনে ধৰণৰ অধিক ভয়ংকৰ দুৰ্যোগৰ আশংকা থাকিব পাৰে বুলিও আশংকা প্ৰকাশ কৰা হৈছে।
ইফালে এই জলপ্ৰলয়ে তিব্বতো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তিব্বতত কমেও ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।
নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু উদ্ধাৰ অভিযান তদাৰক কৰি আছে। বিপৰ্যস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে প্ৰশাসনে ব্যাপক অভিযান চলাইছে।
নেপালৰ দুৰ্যোগৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে ভাৰতেও। ভাৰত চৰকাৰে নেপাললৈ প্ৰায় ১০ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত প্ৰায় ৪০খন ব্যক্তিগত হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে।
বিশ্বৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ সংঘটিত প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত নেপালৰ এই জলপ্ৰলয় অন্যতম ভয়ংকৰ হিচাপে পৰিগণিত হৈছে। উদ্ধাৰ অভিযান যিমানেই আগবাঢ়িছে, সিমানেই মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
