গুৱাহাটীঃ আজাৰাৰ ধাৰাপুৰত পুৱতি নিশা সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনাৰ ঘটনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে আছিক আলী। জানিব পৰা মতে, পুৱতি নিশা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই ঘটনা।
অভিযোগ অনুসৰি, ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত আছিল আছিক আলী। ইয়াৰ উপৰি নিমিষা ঠাকুৰীয়া কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপেও আছিক আলীৰ নাম আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল।
মঙলবাৰে আছিক আলীৰ আৰক্ষীৰ ম্যাদ অন্ত পৰিছিল। ইয়াৰ পিছতে নিশা হত্যাকাণ্ড সংঘটিত হোৱা স্থানলৈ লৈ যোৱাৰ সময়ত আছিকে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে।
আৰক্ষীৰ ভাষ্য অনুসৰি, পলায়নৰ চেষ্টা কৰাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীত আছিক আলীৰ দুয়োখন ভৰিত গুলী লাগে। গুলীবিদ্ধ অৱস্থাত আছিকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।
পুৱা প্ৰায় ৫.৩০ বজাত আছিক আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ড্ৰাগছ সৰবৰাহ আৰু নিমিষা ঠাকুৰীয়া কাণ্ডৰ সৈতে আছিক আলীৰ সম্পৰ্কৰ বিষয়টোও আৰক্ষীয়ে তদন্ত কৰি আছে। সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।