নিউজ ডেস্কঃ শিলচৰ শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰিছে বিজেপিয়ে। মুঠ ৪২ খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি ৩২ খন আসন দখল কৰি স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। মিত্ৰদল অগপই লাভ কৰে ২ খন আসন।
নিৰ্বাচনত কংগ্ৰেছে লাভ কৰে মাত্ৰ ২ খন আসন। আনহাতে, নিৰ্দলীয় প্ৰাৰ্থীয়ে ৬ খন আসনত জয়লাভ কৰে।
উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বেই বিজেপিয়ে ২ খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছিল। ফলাফল ঘোষণাৰ পিছত শিলচৰ পৌৰ নিগমত বিজেপিৰ দখল অধিক শক্তিশালী হৈ পৰিল।
৪২ খন আসনৰ ভিতৰত ৩২ খন আসন লাভ কৰি বিজেপিয়ে পৌৰ নিগমত এক বৃহৎ বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কংগ্ৰেছৰ ফলাফল যথেষ্ট হতাশাজনক। নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৬ খন আসন লাভ কৰি উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়াইছে।
এই ফলাফলে শিলচৰ পৌৰ নিগমৰ ৰাজনীতিত বিজেপিৰ আধিপত্যৰ ছবি স্পষ্ট কৰি তুলিছে।
