ASSSAM | LOVLINA BORGOHAIN: মাত্ৰ ১ টকাত ৩ বিঘা মাটি লাভলীনাক

3 bighas of land for only 1 RS

১ টকাত ৩ বিঘা মাটি লাভলীনাক

গুৱাহাটী, ৯ অক্টোবৰঃ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ বক্সিং একাডেমী স্থাপনৰ বাবে ৩ বিঘা মাটি মাত্ৰ ১ টকা প্ৰিমিয়ামত আৱণ্টন দিয়াৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি, পলাশবাৰী ৰাজহ চক্ৰৰ চয়নী মৌজাৰ হুদুমপুৰ গাঁৱত স্থাপন কৰা হ’ব এই একাডেমী।

উল্লেখ্য যে, ২০২১ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল লাভলীনাই। ২০২৩ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপতো স্বৰ্ণপদক লাভ কৰিছিল তেওঁ। এইবাৰ এছিয়ান গেমছতো সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল অসম কন্যা লাভলীনাই। এনে কৃতিত্বৰ অধিকাৰী একমাত্ৰ অসমীয়া ৰূপে পৰিগণিত হোৱা লাভলীনাৰ প্ৰস্তাৱিত একাডেমীখনে অসমৰ উদীয়মান বক্সাৰসকলক প্ৰশিক্ষণৰ নতুন সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.