গুৱাহাটী, ১১ অক্টোবৰঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃ/ত্যুৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পদ্মশ্ৰী সন্মানপ্ৰাপ্ত শিল্পী পখিলা লেকথেপীয়ে। প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে কেইবাটাও গীতত কণ্ঠদান কৰা শিল্পীগৰাকীয়ে ঘটনাটোক লৈ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ন্যায় বিচাৰে বুলি মন্তব্য কৰে।
পখিলা লেকথেপীয়ে কয় যে জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনোবাই এনে কাম কৰিব পাৰে বুলি তেওঁ কেতিয়াও ভবা নাছিল। এগৰাকী মহিলা হৈ এনে কাম কৰিব পাৰে বুলি কল্পনাও কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ ঘটনাটোক অতি বেয়া আখ্যা দিয়ে।

কেৱল জুবিন গাৰ্গৰ ঘটনাৰ প্ৰসংগতে নহয়, শিল্পী, কবি আৰু সাহিত্যিকসকলৰ প্ৰতিও সকলোৱে সদয় হ’ব লাগে বুলি আহ্বান জনায় পখিলা লেকথেপীয়ে। তেওঁৰ মতে, শিল্প-সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰতি সন্মান আৰু মানৱীয়তা বজাই ৰখাটো প্ৰয়োজনীয়।