গুৱাহাটী, ১১ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱ আৰু নৱৰাত্ৰিৰ পবিত্ৰ পৰিৱেশত মা দুৰ্গাৰ চৰণত ভক্তিৰ অৰ্ঘ্য নিবেদন কৰি আজি উন্মোচন কৰা হয় এটি নতুন ভক্তিমূলক গীত ‘জয় মা দুৰ্গা’। আৰোহণ ফাউণ্ডেশ্যনৰ মুখ্য পৰিচালন সঞ্চালিকা তথা গীতিকাৰ ড° সীমা কাশ্যপৰ মহানগৰীৰ অম্বিকাগিৰি নগৰৰ নিগাজীপামস্থিত বাসগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত গীতটিৰ শুভ উন্মোচন কৰা হয়। গীতটিৰ কথা ড° সীমা কাশ্যপৰ । গীতটিৰ জৰিয়তে মা দুৰ্গাৰ বন্দনাৰে ভক্তি, বিশ্বাস, শান্তি আৰু আনন্দৰ বাণী জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে।
শাৰদীয় উৎসৱৰ এই শুভক্ষণত গীতটিয়ে শ্ৰোতাসকলৰ হৃদয়ত আধ্যাত্মিক অনুভূতি জগাই তোলাৰ লগতে সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনিবলৈ অনুপ্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰিছে গীতটোৰ সৈতে জড়িতসকলে। গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদ্বীপ দাসে। ড° সীমা কাশ্যপ আৰু ৰূপম কলিতাই গীতটিৰ সুৰাৰোপ কৰাৰ বিপৰীতে সংগীত পৰিচালনা আৰু মিক্সিঙৰ দায়িত্ব পালন কৰিছে সৌৰভ কুমাৰ দাসে। গীতটিৰ ভিডিঅ’ সংস্কৰণৰ পৰিচালনা কৰিছে চাজু আহমেদে। গীতটিৰ প্ৰযোজনা Arohan Entertainments ৰ । লগতে প্ৰযোজনা নিয়ন্ত্ৰক তথা প্ৰডাক্সন মেনেজাৰ সম্ৰাট দুৱৰা ।

উপস্থিত বিশিষ্ট ব্যক্তিসকলে গীতটিৰ সৃষ্টিশীল দিশ, ভক্তিমূলক সংগীতৰ গুৰুত্ব আৰু অসমৰ সাংস্কৃতিক পৰিৱেশত এনে সৃষ্টিৰ প্ৰাসংগিকতা সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। উল্লেখযোগ্য যে, ‘জয় মা দুৰ্গা’ গীতটি DrSeemaKashyapOfficial আৰু Arohan Entertainsments নামৰ ইউটিউব চেনেলত উপলব্ধ হ’ব। গীতিকাৰ ড° সীমা কাশ্যপে শ্ৰোতা-দৰ্শকসকলৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰি গীতটি শুনি নিজৰ বহুমূলীয়া মতামত আগবঢ়াবলৈ আহ্বান জনাইছে। মা দুৰ্গাৰ বন্দনাৰে সমৃদ্ধ এই নতুন সৃষ্টিয়ে শাৰদীয় উৎসৱৰ আনন্দ আৰু ভক্তিৰ অনুভূতিক অধিক গভীৰ কৰি তুলিব বুলি আশা কৰা হৈছে। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ জয়ৰ বাণী বহন কৰা গীতটিয়ে সকলোৰে মাজত শান্তি, সম্প্ৰীতি আৰু মংগলৰ বাৰ্তা প্ৰচাৰ কৰক—এয়াই গীতটিৰ সৈতে জড়িতসকলৰ আন্তৰিক কামনা।