Assam| Osbekia:অসমৰ জৈৱ-বৈচিত্ৰৰ নতুন আলহী ওচবেকিয়া আছামেনছিছ

Osbekia

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ অক্টোবৰঃ অসমৰ জৈৱ-বৈচিত্ৰ্য আৰু উদ্ভিদ বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰলৈ এক উল্লেখযোগ্য সংযোজন। মানাহ ৰাষ্ট্ৰীয় উদ্যানত নতুন উদ্ভিদ প্ৰজাতি ‘ওচবেকিয়া আছামেনছিছ’ (Osbeckia assamensis) চিনাক্ত কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ড° নমিতা নাথ আৰু গৱেষক বৰ্ণালী দাসে। এই নতুন প্ৰজাতিটোৰ আৱিষ্কাৰে অসমৰ সমৃদ্ধ উদ্ভিদ সম্পদৰ লগতে উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্ৰ্যৰ গুৰুত্ব পুনৰবাৰ উজলাই তুলিছে।

প্ৰাপ্ত তথ্য অনুসৰি, ২০২১ চনৰ পৰা ২০২৫ চনলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা বিস্তৃত উদ্ভিদ বৈজ্ঞানিক জৰীপৰ সময়ত গৱেষকসকলে এই প্ৰজাতিটো চিনাক্ত কৰে। উদ্ভিদ বিধৰ প্ৰথম নমুনা ২০২২ চনৰ ৮ অক্টোবৰত সংগ্ৰহ কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াৰ বিভিন্ন বৈশিষ্ট্যৰ বিশদ পৰীক্ষা আৰু আন একে ধৰণৰ প্ৰজাতিৰ সৈতে তুলনামূলক অধ্যয়নৰ জৰিয়তে ইয়াক এক স্বতন্ত্ৰ প্ৰজাতি হিচাপে চিনাক্ত কৰা হয়। গৱেষণাৰ তথ্য অনুসৰি, যোৱা ২২ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আলোচনী Phytotaxa ত এই সম্পৰ্কীয় গৱেষণা পত্ৰ প্ৰকাশ পাইছে।

Assam down town University
Assam down town University

এই পাৰ্থক্যই নতুন প্ৰজাতিটোক চিনাক্ত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। ইয়াৰ কাণ্ড চতুষ্কোণীয়া আৰু কাষবোৰ পাখিৰ দৰে ধাৰযুক্ত। কাণ্ডত খহটা, চুটি নোম থাকে আৰু সাধাৰণতে ইয়াৰ ডাল-পাতৰ বিস্তাৰ তুলনামূলকভাৱে কম। মানাহ ৰাষ্ট্ৰীয় উদ্যান কেৱল বন্যপ্ৰাণীৰ বাবেই নহয়, ইয়াৰ সমৃদ্ধ উদ্ভিদ সম্পদৰ বাবেও বিশেষভাৱে গুৰুত্বপূৰ্ণ। এনে এক জৈৱ-বৈচিত্ৰ্যসমৃদ্ধ অঞ্চলত নতুন উদ্ভিদ প্ৰজাতিৰ চিনাক্তকৰণে অসমৰ প্ৰাকৃতিক সম্পদৰ বৈজ্ঞানিক নথিভুক্তিকৰণত নতুন মাত্ৰা যোগ কৰিছে।

বিশেষজ্ঞসকলৰ বাবে এই আৱিষ্কাৰ অসমৰ উদ্ভিদ সম্পদৰ অধিক অনুসন্ধান, সংৰক্ষণ আৰু ভৱিষ্যতৰ গৱেষণাৰ ক্ষেত্ৰত এক নতুন সুযোগ হিচাপে বিবেচিত হ’ব পাৰে। একে সময়তে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দৰে সংৰক্ষিত বনাঞ্চলত নিয়মীয়া উদ্ভিদ বৈজ্ঞানিক জৰীপৰ প্ৰয়োজনীয়তাও এই আৱিষ্কাৰে পুনৰ উন্মোচন কৰিছে। উল্লেখযোগ্য যে, ‘ওচবেকিয়া আছামেনছিছ’ৰ আৱিষ্কাৰে অসমৰ উদ্ভিদ জগতৰ বৈজ্ঞানিক পৰিচয় অধিক সমৃদ্ধ কৰাৰ লগতে ৰাজ্যখনৰ অনন্য জৈৱ-বৈচিত্ৰ্যক আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ মঞ্চত দাঙি ধৰাৰ পথ প্ৰশস্ত কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.