Frozen body of policeman found in Nazira: নাজিৰাত উদ্ধাৰ আৰক্ষী জোৱানৰ নিথৰ দেহ

নাজিৰা, ৮ নৱেম্বৰঃ নাজিৰা নগৰৰ মাজমজিয়াত সংঘটিত এক ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত এজন আৰক্ষী জোৱানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মৃত জোৱানজনক ২৫ অসম আৰক্ষী (অ’ এন জি চি) বেটেলিয়নৰ নিপন মেধি (২৫) বুলি চিনাক্ত কৰা হৈছে।

Related Posts

প্ৰাপ্ত তথ্য অনুসৰি, নাজিৰাৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জোৱানজনৰ মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাস্থলীৰ পৰা এটা ম’বাইল ফোনৰ লগতে জোৱানজনৰ চাৰ্ভিচ বন্দুক (টাৰ্বাইন) উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

জোৱানজনে নিজৰ চাৰ্ভিচ বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখযোগ্য যে, মৃত নিপন মেধি নাজিৰাৰ অ’ এন জি চিৰ আৱাসিক এলেকাত কৰ্মৰত আছিল। তেওঁৰ ঘৰ বাক্সা জিলাত বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.