This time, the Chief Minister's target is 126: এইবাৰ মুখ্য়মন্ত্ৰীৰ টাৰ্গেট ১২৬

চামগুৰি, ৮ নৱেম্বৰঃ আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত ১২৬খন আসনতে বিজয় সাব্যস্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপিয়ে। দেওবাৰে চামগুৰিৰ ৰূপহীহাটৰ ৰৌমাৰী খেলপথাৰত অনুষ্ঠিত বিজয় উৎসৱত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সময়ত চামগুৰিত বিজেপি জয়ী হ’লে বিজয় উৎসৱ পালন কৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই দেওবাৰে চামগুৰিত আয়োজন কৰা হয় এই বিজয় উৎসৱ। অনুষ্ঠানত অংশগ্ৰহণ কৰি সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

down town University

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চামগুৰিৰ এই বিজয় কেৱল বিজেপিৰ ৰাজনৈতিক জয় নহয়, বৰঞ্চ ই ৰাইজৰ আস্থা আৰু বিশ্বাসৰ প্ৰতিফলন। সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত সাংসদ দেৱাশীষ শৰ্মা আৰু স্থানীয় বিধায়কে আগভাগ ল’ব বুলিও তেওঁ উল্লেখ কৰে। ৰাইজে বিজেপিৰ প্ৰতি প্ৰকাশ কৰা আস্থাৰ প্ৰতিদান উন্নয়নমূলক কাম-কাজৰ জৰিয়তে দিয়া হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

Related Posts

ইয়াৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ ১২৬খন আসনতেই বিজয় সাব্যস্ত কৰাটোৱেই বিজেপিৰ মূল লক্ষ্য বুলি স্পষ্ট কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাষণত তেওঁ চামগুৰিৰ পৰা ৰকিবুল হুছেইন আৰু তাঞ্জিল হুছেইনক বিদায় দিব লাগিব বুলিও মন্তব্য কৰে।

আনহাতে, সংখ্যালঘু সমাজৰ মাজত বিজেপিৰ প্ৰতি আস্থা বৃদ্ধি পোৱাৰ প্ৰসংগত অৰুণোদয় আঁচনিৰ জৰিয়তে লাখ লাখ সংখ্যালঘু মহিলাক উপকৃত কৰা আৰু বাল্যবিবাহ তথা বহুবিবাহৰ দৰে সামাজিক সমস্যাৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা প্ৰশাসনিক আৰু আইনী পদক্ষেপৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে, আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহতো বিজেপিয়ে বিশেষ গুৰুত্ব আৰোপ কৰাৰ চৰ্চা চলিছে। বিশেষকৈ ৮০ শতাংশতকৈ অধিক সংখ্যালঘু জনসংখ্যা থকা ৰাজ্যৰ ২০ৰ পৰা ২২টা সমষ্টিত দলটোৱে বিশেষ ৰণনীতি গ্ৰহণ কৰাৰ দাবী উত্থাপন হৈছে।

মুঠতে চামগুৰিৰ বিজয় উৎসৱৰ মঞ্চৰ পৰাই আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ লক্ষ্য আৰু ৰাজনৈতিক প্ৰস্তুতিৰ ইংগিত দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

You might also like
Leave A Reply

Your email address will not be published.