পৰকীয়া প্ৰেমৰ বাবেই প্ৰাণ গ’ল নেকি জীনাৰ?
গুৱাহাটী, ৯ নৱেম্বৰঃ গুৱাহাটীৰ খানাপাৰাত উদ্ধাৰ হোৱা জীনা বৈশ্যৰ মৃ/ত/দেহক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যৰ অৱশেষত অৱসান। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে হ/ত্যা/কাণ্ডৰ আঁৰৰ এক চাঞ্চল্যকৰ তথ্য। এই ঘটনাত প্ৰদীপ টায়ে নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।
প্ৰাথমিক তথ্য অনুসৰি, পৰকীয়া প্ৰেমজনিত কাৰণতে জীনা বৈশ্যক হ/ত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰদীপ টায়েৰ বিৰুদ্ধে। জানিব পৰা মতে, জীনা বৈশ্য বাস কৰা কেম্পাছটোতে ভাড়াতীয়া হিচাপে বাস কৰিছিল অভিযুক্ত প্ৰদীপে।
অভিযোগ অনুসৰি, ১ নৱেম্বৰৰ দিনা বেলতলাৰ পৰা এখন দা ক্ৰয় কৰিছিল প্ৰদীপে। ইয়াৰ পিছতে নিজৰ গাড়ীত জীনাক উঠাই লৈ গৈ গাড়ীৰ ভিতৰতে দাৰে আ/ক্ৰ/মণ কৰি হ/ত্যা কৰে।

অৱশেষত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে হত্যাকাণ্ডৰ বহু গুৰুত্বপূৰ্ণ তথ্য। গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্ত প্ৰদীপ টায়েক।
প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰি সংঘটিত হোৱা বুলি অভিযোগ উঠা এই নৃশংস হ/ত্যা/কাণ্ডই পুনৰ জোকাৰি গৈছে গুৱাহাটী মহানগৰী। এতিয়া আৰক্ষীৰ তদন্তত হ/ত্যা/কাণ্ডৰ আন কি কি নতুন তথ্য পোহৰলৈ আহে, সেয়াই হ’ব লক্ষ্যণীয়।