উত্তৰ প্ৰদেশ নিৰ্বাচন আহিলে ছোনিয়া গান্ধীয়ে কান্দে কিয়?

উত্তৰ প্ৰদেশ নিৰ্বাচন আহিলে ছোনিয়া গান্ধীয়ে কান্দে কিয়?

গুৱাহাটী, ৯ নৱেম্বৰঃ ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে সাম্প্ৰদায়িক মেৰুবিভাজন আৰু মুছলিম তুষ্টিকৰণৰ ৰাজনীতিৰ অভিযোগ উত্থাপন কৰিছে অসম ৰাজ্যিক বিজেপিয়ে। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে ব্ৰিটিছ সংবাদ মাধ্যম ‘দ্য গাৰ্ডিয়ান’ক দিয়া শেহতীয়া সাক্ষাৎকাৰত বাবৰি মছজিদ ধ্বংসৰ দৃশ্য টেলিভিছনত দেখি কান্দি পেলোৱা বুলি কৰা মন্তব্যক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে ৰাজ্যিক বিজেপি।

দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই অভিযোগ কৰে যে আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই কংগ্ৰেছে পুনৰ ধৰ্মীয় আৱেগক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ কৌশল গ্ৰহণ কৰিছে। তেওঁৰ মতে, নিৰ্বাচনৰ পূৰ্বে বাবৰি মছজিদৰ বিষয়টো পুনৰ চৰ্চালৈ অনাৰ আঁৰত ভোটবেংকৰ ৰাজনীতি জড়িত হৈ আছে।

শৰ্মাই ২০১২ চনৰ উত্তৰ প্ৰদেশৰ আজমগড়ৰ নিৰ্বাচনী সভাত তদানীন্তন কেন্দ্ৰীয় আইন মন্ত্ৰী ছলমান খুৰশ্বিদে বাটলা হাউচ সংঘৰ্ষৰ পিছত ছোনিয়া গান্ধীয়ে কান্দিছিল বুলি কৰা মন্তব্যৰ কথাও উল্লেখ কৰে।

Related Posts

ইফালে, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ দীপাৱলী উপলক্ষে কৰা মন্তব্যকো সমালোচনা কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। দীপাৱলীক ঈদৰ সৈতে তুলনা কৰি কংগ্ৰেছে ধৰ্মীয় পৰম্পৰা আৰু বিশ্বাসক লৈ বিতৰ্কৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে তেওঁ। তেওঁৰ মতে, দীপাৱলী আৰু ঈদ দুটা পৃথক ধৰ্মীয় পৰম্পৰা, সেয়েহে দুয়োটা উৎসৱক লৈ কৰা মন্তব্যই বিতৰ্কৰ অৱকাশ সৃষ্টি কৰিছে।

সংবাদমেলত ছোনিয়া গান্ধীয়ে বাবৰি মছজিদ ধ্বংসৰ ঘটনাক লৈ প্ৰকাশ কৰা আৱেগৰ প্ৰসংগ উত্থাপন কৰি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা নিৰ্যাতন, ১৯৮৪ চনৰ শিখবিৰোধী হিংসা, অসম আন্দোলনৰ শ্বহীদ আৰু দেশৰ বিভিন্ন সময়ৰ হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বৰ স্থিতিক লৈও প্ৰশ্ন উত্থাপন কৰে।

তেওঁৰ অভিযোগ, সনাতনী সমাজৰ আৱেগ আৰু ভাৰতীয় সভ্যতা-সংস্কৃতিক অৱমাননা কৰিও কংগ্ৰেছে তুষ্টিকৰণৰ ৰাজনীতি চলাই আহিছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মনমোহন সিঙে দেশৰ সম্পদৰ ওপৰত সংখ্যালঘুৰ প্ৰথম অধিকাৰৰ প্ৰসংগত কৰা মন্তব্যৰ কথাও উল্লেখ কৰে শৰ্মাই।

উল্লেখ্য যে, ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ছোনিয়া গান্ধীৰ শেহতীয়া সাক্ষাৎকাৰক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক বাকযুদ্ধ তীব্ৰ হোৱাৰ ইংগিত স্পষ্ট হৈছে। ৰাম জন্মভূমি-বাবৰি মছজিদ বিতৰ্ক, ধৰ্মীয় পৰিচয় আৰু ভোটবেংকৰ ৰাজনীতি আগন্তুক নিৰ্বাচনী যুঁজৰ অন্যতম চৰ্চিত বিষয় হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.