গুৱাহাটী, ২৪ নৱেম্বৰঃ অসম জুনিয়ৰ কলেজ শিক্ষক-কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি সভা সম্পন্ন। অষ্টম দৰমহা আয়োগত দাখিল কৰিবলগীয়া স্মাৰক পত্ৰ চূড়ান্ত। পে-বেণ্ড তিনিৰ পৰা চাৰিলৈ উন্নীত কৰাৰ দাবী। অসম জুনিয়ৰ কলেজ শিক্ষক-কৰ্মচাৰী সন্থাৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা গুৱাহাটীৰ লখৰাৰ সাউকুছিস্থিত এন ই এফ কলেজত সন্থাৰ সভাপতি ড° বিদুৰ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাত অষ্টম দৰমহা আয়োগৰ ওচৰত দাখিল কৰিবলগীয়া স্মাৰক পত্ৰ আৰু প্ৰশ্নাৱলী চূড়ান্ত কৰাৰ লগতে শিক্ষক-কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যা আৰু দাবী সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।সভাত বিশেষকৈ প্ৰৱক্তাসকলৰ বৰ্তমানৰ পে-বেণ্ড তিনিৰ পৰা পে-বেণ্ড চাৰিলৈ উন্নীত কৰাৰ দাবী সজোৰে উত্থাপন কৰা হয়। সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনত জুনিয়ৰ কলেজৰ শিক্ষকসকল বঞ্চনাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি এইবাৰ অষ্টম দৰমহা আয়োগৰ ওচৰত ন্যায্য প্ৰাপ্য আদায়ৰ বাবে শক্তিশালীভাৱে দাবী উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
স্মাৰক পত্ৰত অ’পিডি সুবিধাসহ বিনামূলীয়া চিকিৎসা সেৱা, অৰ্জিত ছুটীকে ধৰি অন্যান্য চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায়ৰ ছুটীৰ সুবিধা, বাৰ্ষিক দৰমহা বৃদ্ধি, ঘৰভাড়া বৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত দৰমহা আৰু মৰগীয়া বানচৰ বকেয়াসহ আদায় দিয়াৰ দাবী অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ উপৰি ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু টিউটৰসকলক চৰ্তহীনভাৱে পদোন্নতি প্ৰদান, খালী পদসমূহ শীঘ্ৰে পূৰণ, শিক্ষকৰ চাকৰি কালত নিম্নতম তিনিটা পদোন্নতি নিশ্চিত কৰা, স্থায়ী অধ্যক্ষ নিযুক্তিৰ প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰা আৰু নতুনকৈ প্ৰাদেশিকীকৰণ হোৱা মহাবিদ্যালয়সমূহৰ অধ্যক্ষক Drawing and Disbursing Officer (DDO) হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰা হয়।
সভাত লিড কলেজৰ ধাৰণাক অপ্ৰাসংগিক আখ্যা দি এই ব্যৱস্থা বন্ধ কৰাৰ দাবী জনোৱা হয়। লগতে পৰীক্ষা পদ্ধতিৰ সংস্কাৰ, বিষয়ভিত্তিক শিক্ষক নিযুক্তি, বাৰ্ষিক পুঁজি মুকলি, মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি যোগান আৰু অ’পিএছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বিষয়েও আলোচনা কৰা হয়।
ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বিকাশৰ স্বাৰ্থত ক্ষেত্ৰ অধ্যয়ন আৰু শিক্ষামূলক ভ্ৰমণৰ বাবে পুঁজি যোগান, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা আদি বিষয়ো সভাত গুৰুত্বসহকাৰে বিবেচনা কৰা হয়।
আনহাতে, সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত সভাপতি কুমুদ কটকী আৰু সম্পাদক প্ৰধান প্ৰণৱজ্যোতি ভূঞাক নাগা গামোচা, ফুলৰ থোপা, অভিনন্দন পত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হয়। দুয়োগৰাকী নেতাই শিক্ষক প্ৰতিনিধিসকলৰ সৈতে দীৰ্ঘ সময় ধৰি মত বিনিময় কৰি বিভিন্ন সমস্যা আৰু দাবী সন্দৰ্ভত আলোচনা কৰে।
ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা সভাখনত শৈক্ষিক, প্ৰশাসনিক আৰু সাংগঠনিক বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সহকাৰী সম্পাদক ড° অমৰজ্যোতি শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়ায় উপ-সভাপতি আব্দুল লতিফে।
সভাত সন্থাৰ পৰৱৰ্তী অধিৱেশন ধেমাজিত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।