নেচনেল ডেস্ক, এন ই ভাৰত
আজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমাৰ লগতে পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, পূৰ্ণিমাৰ আকাশত দেখা যাব ‘ব্লাড মুন’। আজি বিয়লি ৩.১৫ পৰা আৰম্ভ হ’ব পূৰ্ণ চন্দ্ৰগ্ৰহণ। ভাৰতৰ আকাশৰ পৰা আংশিকহে দেখা যাব এই পূৰ্ণ চন্দ্ৰগ্ৰহণ। বিয়লি চন্দ্ৰ উদয়ৰ পাচতে উত্তৰ-পূৱৰ ৰাজ্যসমূহ, পশ্চিম বংগৰ কিছু ঠাইৰ লগতে ওড়িশা আৰু আন্দামান নিকোবৰ দিপপুঞ্জুৰ পৰা দেখা যাব এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। আজি চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকাৰ বাবেই সাগৰৰ পানীৰ স্তৰো বৃদ্ধি হ’ব পাৰে নেকি? ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে ইতিমধ্যে সতৰ্ক কৰি দিছে যে বুধবাৰে উৰিষ্যা আৰু বংগৰ উপকূলত ঘূৰ্ণীবতাহ য়াছে(cyclone yaas) আঘাত কৰিব, পূৰ্ণিমাৰ বাবে অধিক ক্ষতি সাধন কৰিব পাৰে। আইএমডি কলকাতায়ে জনোৱা মতে ‘পূব মেদিনীপুৰ আৰু দক্ষিণ ২৪ পৰগণাৰ উপকূলীয় জিলাসমূহ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব পাৰে।’ বিশেষজ্ঞসকলৰ মতে যেতিয়া চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে সেই সময়ত সাগৰৰ পানীৰ স্তৰ কমেও এক মিটাৰ ওখ হয়। সেয়ে পূব মেদিনীপুৰ জিলাত ঘূৰ্ণীবতাহৰ বৃদ্ধি ২-৪ মিটাৰ হ’ব, আনহাতে দক্ষিণ ২৪ পৰগণাত ১-২ মিটাৰ হ’ব। ইয়াৰ পূৰ্বে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) সঞ্চালক প্ৰধান এম মহাপাত্ৰই কৈছিল যে উৰিষ্যা আৰু পশ্চিম বংগৰ বাবে ‘ৰেড কোডেড’ সতৰ্কবাণী জাৰি কৰা হৈছে। মহাপাত্ৰই কৈছিল, তীব্ৰ ঘূৰ্ণীবতাহ য়াছ উত্তৰ-পশ্চিম আৰু বংগোপসাগৰত এক তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হৈছে। ই উত্তৰ-পশ্চিমলৈ যাত্ৰা কৰিব পাৰে আৰু অধিক তীব্ৰতৰ হৈ উঠিব পাৰে। আৰু এই ঘূৰ্ণীবতাহ বুধবাৰে ৰাতিপুৱালৈ উত্তৰ উৰিষ্যাৰ ধামৰা বন্দৰগাহৰ ওচৰত দেখা দিব পাৰে।।