ৰাষ্ট্ৰসংঘত তালিবানক শক্তিশালী কৰাৰ আহ্বান ইমৰান খানৰ

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাষ্ট্ৰসংঘক তালিবানক স্বীকৃতি দিবলৈ আহ্বান জনাইছে। শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সপ্তম অধিৱেশনত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘আন্তৰাষ্ট্ৰীয় সম্প্ৰদায় সমূহে আফগানিস্তানৰ জনসাধাৰণৰ স্বাৰ্থত কাম কৰাটো উচিত। কিয়নো এতিয়া আমি আফগানিস্তান চৰকাৰক স্থিৰ আৰু শক্তিশালী কৰাটোৱে একমাত্ৰ উপায়।’ লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আফগানিস্তান জনসাধাৰণৰ স্বাৰ্থক স্পৰ্শ কৰি কৈছে ‘যদি আমি আফগানিস্তানক উপেক্ষা কৰো তেন্তে পৰিস্থিতি আৰু অধিক বেয়া হ’ব। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি আফগানিস্তানৰ জনসংখ্যাৰ প্ৰায় আধা অংশ এতিয়া সংকটত আছে। যদি এইয়ে হয়, তেন্তে আফগানৰ ৯০ শতাংশ লোক এটা বছৰতে দৰিদ্ৰ সীমা ৰেখা তললৈ নামিব’। তালিবানে আফগান দখল কৰি চৰকাৰ গঠন কৰিছে যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰতকে ধৰি পৃথিৱীৰ প্ৰায়ভাগ দেশে এই চৰকাৰক স্বীকৃতি নিদিয়াৰ ফলস্বৰূপে আন্তৰ্জাতিক সহায়ৰ পথ অৱৰোধ হৈছে। ইয়াৰ মাজতে কিছু কূটনীতিবিদে ইছলামবাদৰ এই পৰিস্থিতিত তালিবানক সহায় কৰিবলৈ আগ্ৰহী বুলি বিশ্বাস কৰে। উল্লেখযোগ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে ইমৰান খানে দাবী কৰিছিল যে তালিবানে চাৰ্ক বৈঠকত আফগানিস্তানক প্ৰতিনিধিত্ব কৰিব কিন্তু ভাৰতকে ধৰি অন্যান্য চাৰ্ক সদস্য দেশসমূহে এই দাবী মানিবলৈ অস্বীকাৰ কৰে। যাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ বাবে নিউয়ৰ্কত চাৰ্ক পক্ষৰ বৈঠক ব্যাহত হয়। চীন-তালিবানৰ স্বীকৃতিৰ বিষয়ত পাকিস্তানৰ সৈতে ৰাষ্ট্ৰসংঘত সক্ৰিয় হ’ব পাৰে বুলি কূটনৈতিক সম্প্ৰদায়ৰ এটা অংশই পৰামৰ্শ দিছে। কিয়নো আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ পিছত বেইজিঙে তাত বাণিজ্যিক আৰু কৌশলগত আধিপত্য অৰ্জন কৰিবলৈ আগ্ৰহী।

You might also like
Leave A Reply

Your email address will not be published.