মোডীয়ে ঘুৰাই আনিব চৌৰ্য কীৰ্তি!

নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) ৭৬ সংখ্যক অধিৱেশনত ভাষণ দিবলৈ আমেৰিকা ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫৭ টা চুৰি ভাৰতীয় পুৰাকীর্তি দেশলৈ ঘূৰাই আনিব। প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে চুৰি, অবৈধ ব্যৱসায় আৰু সাংস্কৃতিক বস্তুৰ সৰবৰাহ ৰোধ কৰাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। খবৰ অনুসৰি ২০১৪ চনৰ পৰা ২০০ তকৈও অধিক চুৰি শিল্পকলা ভাৰতলৈ অনা হৈছে।

১৫৭ টা শিল্পকলাৰ তালিকাত মুখ্যতঃ দ্বাদশৰ পৰা চতুৰ্দশ শতিকাৰ লগতে ঐতিহাসিক পুৰাকীর্তি যেনে ২০০০ খ্ৰীষ্টপূৰ্বৰ তামৰ নৃতাত্ত্বিক বস্তু বা টেৰাকোটা ফুলদানিও অন্তৰ্ভুক্ত ।

You might also like
Leave A Reply

Your email address will not be published.