বিশ্ব বেডমিন্টনত দেশৰ ইতিহাস!

ভাৰতীয় শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তৰ ইতিহাস সৃষ্টি । বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰা দেশৰ প্ৰথমজন বেডমিণ্টন খেলুৱৈ হিচাপে পৰিগণিত হ’ল কিদাম্বি শ্ৰীকান্ত । স্পেইনৰ হুলৱাত চলি থকা বিশ্ব চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত তেওঁ এক ঘণ্টা আঠ মিনিটৰ খেলখনত নিজ দেশৰে লক্ষ্য সেনক ১৭-২১, ২১-১৪ আৰু ২১-১৭ ত পৰাস্ত কৰে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে ভাৰতীয় পুৰুষ খেলুৱৈসকলে দুটা পদক লৈ চেম্পিয়নশ্বিপৰ পৰা উভতি আহিব। প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰা লক্ষ্য সেনে ইতিমধ্যে ব্ৰঞ্জৰ পদক লাভ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.