পৰেশ বৈশ্য কৃষক পৰিষদৰ সভাপতি নিৰ্বাচিত

অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভাখন আজি দলৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ আমবাৰীত অনুষ্ঠিত হয়। দলৰ অন্যতম সাধাৰণ সম্পাদক তথা অসম কৃষক পৰিষদৰ তত্বাৱধায়ক ডা০ কমলাকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশ গ্ৰহণ কৰি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আগন্তুক সময়ছোৱাত অসম কৃষক পৰিষদে অসমৰ সমূহ কৃষকৰ সুবিধা আৰু সহায়ক হোৱাকৈ দলীয় সাংগঠনিক কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়। চৰকাৰে অসমৰ কৃষক ৰাইজৰ উন্নয়ণ আৰু উন্নতিৰ বাবে গ্ৰহণ কৰা আচঁনিসমূহৰ ওপৰত বক্তব্য প্ৰদান কৰি কৃষক সমাজক ইয়াৰ সুফলসমূহ লাভ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লগতে কৃষক পৰিষদকো চৰকাৰী আচঁনিসমূহৰ বিষয়ে গ্ৰাম্যঞ্চলত সজাগতামূলক সভা আৰু ইয়াৰ উপকাৰীতাৰ ওপৰত গঠনমূলক ভূমিকা লোৱাৰ বাবে আহ্বান জনায়। সভাত অন্যতম সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই কৃষক পৰিষদক আগন্তুক সময়ছোৱাত সক্ৰিয়াতে কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়। সভাত অংশ গ্ৰহণ কৰি আন এগৰাকী সাধাৰণ সম্পাদক মনোজ শইকীয়াই অসমৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা আচঁনিসমূহৰ সুফল প্ৰকৃত খেতিয়ক ৰাইজে লাভ কৰা উচিত বুলি মতপোষন কৰি কৃষি উৎপাদনৰ জৰিয়তে ৰাজ্যখনক স্বাৱলম্বী কৰাত গুৰুত্ব আৰোপ কৰে। আগন্তুক সময়ছোৱাত যাতে কৃষকৰ আচঁনিসমূহৰ সুফল প্ৰকৃত কৃষকেহে লাভ কৰে তাৰ বাবে কৃষক পৰিষদক সক্ৰিয়তাৰে চকু ৰখাৰ বাবে আহ্বান জনায়। সভাৰ অন্তত পৰেশ চন্দ্ৰ বৈশ্যক সভাপতি, পূৰ্ণ গন্ধীয়া আৰু খুদেশ্বৰ পেগুক কাৰ্য্যকৰী সভাপতি, আনন্দ শইকীয়া আৰু জেহেৰুল হ’কক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাঙ্গ কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয়। নৱ-নিৰ্বাচিত সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি চৰকাৰৰ ওচৰত কৃষকৰ উৎপাদিত ফচল নিম্নতম সহায়ক মূল্য লাভ কৰি ক্ৰয় কৰা বাধ্যতামূলক কৰাৰ লগতে জিলা ভিত্তিত কৃষক পৰিষদ, চৰকাৰী বিভাগীয় বিষয়ববীয়াৰ লগত যৌথ ভাৱে সমন্বয় সমিতি গঠন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। সভাৰ সভাপতি ডা০ কমলাকান্ত কলিতাই আগন্তুক সময়ছোৱাত কৃষক পৰিষদক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ স্বাৰ্থত সমূহীয়া ভাৱে দলীয় কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায়। সভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত প্ৰায় শতাধিক কৃষকে অসম গণ পৰিষদত আনুষ্ঠানিক ভাৱে যোগদান কৰে। অসমত কলা চাউল উৎপাদনৰ বাটকটীয়া উপেন ৰাভাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ কৃষি উৎপাদনৰ লগত জড়িত অনুষ্ঠান ক্ৰমে বৰাজোল ননাপাৰ ফিছ ফেড প্ৰডিউচাৰ কোঃ অপাৰেটিভ চোছাইটি, নলবাৰী, কলং-কপিলী কোঃ অপাৰেটিভ ছছাইটি, কামৰূপ, উষাৰাণী নাথ, কামৰূপ, কৃষি বিশেষজ্ঞ অমৰজিৎ লহকৰক সভাত সম্বৰ্ধনা জনোৱা হয়। সভাত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ কোৱঁৰ, সম্পাদক জাভেদ ইছলাম, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সদস্য দিলীপ দাস প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে।।

You might also like
Leave A Reply

Your email address will not be published.