আজি ২৮ ডিচেম্বৰ

➡️১৮৫৬ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, জাতিসংঘৰ অন্যতম প্ৰতিষ্ঠাতা উড্ৰ উইলছৰ মৃত্য হৈছিল।
➡️১৮৮৫ চনৰ ২৮ ডিচেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউম। প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জী।
➡️১৮৯৫ চনৰ এই দিনটোতে ফৰাচী ভ্ৰাতৃদ্বয় আগষ্ট লুমিয়েৰ আৰু লুই লুমিয়েৰৰ আধুনিক চিনেমা বা চলচ্চিত্ৰ প্ৰদৰ্শন যন্ত্ৰ ‘চিনেমাটোগ্ৰাফ’ আৱিষ্কাৰ আৰু পেটেণ্ট লাভ। লুমিয়েৰ ভ্ৰাতৃদ্বয়কে আধুনিক চিনেমাৰ উদ্ভাৱক আখ্যা দিয়া হয়।
➡️১৯২১ চনৰ ২৮ ডিচেম্বৰ তাৰিখে ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব ৱেলছৰ (পিছলৈ ৰজা সপ্তম এডৱাৰ্ড) দ্বাৰা কলকাতাৰ ভিক্টোৰিয়া মেমোৰিয়েল হলৰ উদ্বোধন কৰা হৈছিল।
➡️১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত শিল্পপতি ধীৰুভাই আম্বানীৰ জন্ম হৈছিল।
➡️১৯৫৭ চনৰ এই দিনটোতে বিমলা প্ৰসাদ চলিহা অসমৰ মুখ্যমন্ত্ৰী হৈছিল। ১৯৭০ চনৰ ৬ নৱেম্বৰলৈকে তেওঁ মুখ্য মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে প্ৰখ্যাত হিন্দী কবি সুমিত্ৰানন্দন পন্থৰ মৃত্যু হৈছিল।
➡️১৯৮১ চনৰ আজিৰ দিনটোতে কংগ্ৰেছ নেতা কে কৰুণাধৰণৰ নেতৃত্বত কেৰালাত নতুন চৰকাৰ গঠন হৈছিল।
➡️১৯৯৮ চনৰ ২৮ ডিচেম্বৰ তাৰিখে ‘আশীৰ্বাদৰ ৰং’ উপন্যাসৰ বাবে যশস্বী ঔপন্যাসিক তথা নাট্যকাৰ অৰুণ শৰ্মালৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.