সীমান্তত নিহত পাক-সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰত সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা। কুপৱাৰাৰ সীমান্ত জিলাত নিয়ন্ত্ৰণ ৰেখা (এলঅ’চি)ৰ ওচৰত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা বিফল কৰিবলৈ সক্ষম। ভাৰতীয় সুৰক্ষা বাহিনীৰ এনকাউন্টাৰত নিহত হয় এটা পাকিস্তানী সন্ত্ৰাসবাদী। নিহত সন্ত্ৰাসবাদীটো মহম্মদ শব্বীৰ মালিক বুলি চিনাক্ত কৰা হৈছে।

নিহত মালিকৰ পৰা এটা একে ৪৭ আৰু ৭ টা গ্ৰেনেড উদ্ধাৰ কৰাৰ লগতে পাকিস্তানৰ ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ, ক’ভিড টীকাকৰণ প্ৰমাণপত্ৰ, আৰ্মি ইউনিফৰ্মৰ সৈতে ফটো আৰু কিছু পাকিস্তানী নগদ ধন উদ্ধাৰ কৰে সুৰক্ষা বাহিনীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.