আজি ৫ জানুৱাৰী

➡️১৫৯২ চনৰ ৫ জানুৱাৰী তাৰিখে মোগল সম্ৰাট শ্বাহজাহানৰ জন্ম হৈছিল।
➡️১৮৪৬ চনৰ আজিৰ দিনটোতে জাৰ্মান সাহিত্যিক, দাৰ্শনিক ৰুডলফ ক্ৰিষ্টফ ইউকেনৰ জন্ম হৈছিল। ১৯০৮ চনত তেওঁ লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
➡️১৮৯৫ চনৰ আজিৰ দিনটোতে ৰাধানাথ চাংকাকতিৰ সম্পাদনাত অসমৰ প্ৰথম ইংৰাজী ভাষাৰ সাদিনীয়া সংবাদ-পত্ৰ ‘টাইমছ অব আছাম’ প্ৰকাশ পাইছিল।
➡️১৯২৮ চনৰ ৫ জানুৱাৰী তাৰিখে পাকিস্তানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ জন্ম হৈছিল।
➡️১৯৬৭ চনৰ ৫ জানুৱাৰী তাৰিখে ভাৰতত প্ৰথম আয়ুৰ্বেদিক বিশ্ববিদ্যালয় মুকলি হৈছিল।
➡️১৯৮২ চনৰ এই দিনটোতে সংগীত পৰিচালক চি ৰামচন্দ্ৰনৰ মৃত্যু হৈছিল।
➡️১৯৯৯ চনৰ ৫ জানুৱাৰী তাৰিখে বিশিষ্ট গল্পকাৰ গোবিন্দ চন্দ্ৰ পৈৰাৰ মৃত্যু হৈছিল।
➡️১৮৯০ চনৰ ৫ জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰথম বেৰিষ্টাৰ গণেন্দ্ৰমোহন ঠাকুৰৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.