ক’ভিড আপডেট

নিউজ ডেস্ক—ৰাজ্যত অপৰিৱৰ্তিত কোভিড পৰিস্থিতি। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ৩২৩৮ গৰাকী লোক। ইয়াৰে ১০৭০ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ৩ গৰাকী আক্ৰান্তৰ।পজিটিভিটীৰ হাৰ ৭.৮৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৬.৬৬ শতাংশ।

আনহাতে দেশত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,৬৪,২০২ গৰাকী । মৃত্যুমুখত পৰিছে ৩১৫ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১৪.৭৮ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.