➡️আজি ক্ৰোৱেচিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
➡️১৭৮৪ চনৰ ১৫ জানুৱাৰী তাৰিখে উইলিয়াম জন আৰু ৱাৰেন হেষ্টিংছৰ পৃষ্ঠপোষকতাত এচিয়াটিক ছচাইটি অব বেংগল প্ৰতিষ্ঠা হৈছিল। পাছত ইয়াৰ নাম হয়গৈ ৰয়েল এছিয়াটিক ছচাইটী আৰু ১৯৫১ চনৰ জুনৰ পৰা হয়গৈ এছিয়াটিক ছচাইটী।
➡️১৯২৯ চনৰ আজিৰ দিনটোতে কৃষ্ণাংগ লোকৰ স্বাধিকাৰ আন্দোলনৰ নেতা মাৰ্টিন লুথাৰ কিঙৰ (জুনিয়ৰ) আমেৰিকাত জন্ম হৈছিল।
➡️১৯৩৪ চনৰ আজিৰ দিনটোতে বিহাৰ আৰু নেপালত ভয়াৱহ ভূমিকম্প। প্ৰায় ২০,০০০ লোকৰ মৃত্যু হৈছিল।
➡️১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে জেনেৰেল কে এম কেৰিয়াপ্পাৰ ভাৰতীয় সেনাৰ প্ৰথম ভাৰতীয় কামাণ্ডাৰ-ইন-চীফ ৰূপে কাৰ্যভাৰ গ্ৰহণ। এই বছৰৰ পৰা ১৫ জানুৱাৰীৰ দিনটো ‘সেনা দিৱস’ ৰূপে পালন কৰি অহা হৈছে। জেনেৰেল কেৰিয়াপ্পাই ১৯৫৩ চনৰ ১৪ জানুৱাৰীলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৫৮ চনৰ এই দিনটোতে বেংগল-আছাম ৰে’লৱেৰ নাম সলনি কৰা হৈছিল উত্তৰ-পূব সীমান্ত ৰে’লৱে ৰূপে।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় বিমান বাহিনীত প্ৰথমবাৰৰ বাবে মহিলা পাইলটৰ নিযুক্তি।
➡️১৯৮৮ চনৰ ১৫ জানুৱাৰী তাৰিখে চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত অসমীয়া দৈনিক বাতৰিকাকত ‘নতুন দৈনিক’ৰ প্ৰকাশ পাইছিল। কাকতখনৰ প্ৰস্তাৱনা সংখ্যা প্ৰকাশ হয় ১৯৮৮ চনৰ ১ জানুৱাৰীত।
➡️১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী (ভাৰপ্ৰাপ্ত) গুলজাৰিলাল নন্দৰ মৃত্যু হৈছিল।
➡️২০০২ চনৰ আজিৰ দিনটোতে অসমত ইন্টাৰনেট সেৱা মুকলি কৰা হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৫ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like