পিপলছ লিবাৰেচন আৰ্মীৰ পাঁচজন কেডাৰ গ্ৰেপ্তাৰ!

মঙলবাৰে মণিপুৰৰ থৌবাল জিলাত দুটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ সৈতে জড়িত নিষিদ্ধ উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেচন আৰ্মীৰ পাঁচজন কেডাৰক গ্ৰেপ্তাৰ । আছাম ৰাইফলছৰ পৰা লাভ কৰা নিৰ্ভৰযোগ্য তথ্যৰ ওপৰত ভিত্তি কৰি থৌবাল জিলা আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত থৌবাল জিলাৰ টেন্থা টুৱাবন্দত তালাচী অভিযান চলোৱা হয়। অভিযানকালত এগৰাকী মহিলাকে ধৰি নিষিদ্ধ সংগঠনটোৰ আন তিনিজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিবলৈ দিয়ে থৌবালৰ আৰক্ষী অধীক্ষক এইচ জোগেশচন্দ্ৰই। ধৃত কেডাৰকেইজনৰ পৰা চাৰিটা হেণ্ড গ্ৰেনেডো উদ্ধাৰ কৰা হৈছে। ধৃত কেডাৰ কেইজনক খোংজোম আৰক্ষী থানাত চমজাই দিয়া হৈছে।

উল্লেখ্য যে, আটকাধীন সদস্য কেইজনে অনা-স্থানীয় লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ লগত জড়িত থকাৰ লগতে ১৩ মে’ আৰু ৩০ মে’ত ক্ৰমে ইম্ফল পূব জিলাৰ তেলিপাটী আৰু থৌবালৰ খোংজোম সাপমত সংঘটিত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত থকা বুলি জানিব পৰা গৈছে ।।

You might also like
Leave A Reply

Your email address will not be published.