নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মাজত যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ!

নিউজ ডেস্ক:

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মাজত যাত্ৰীবাহী ৰে’ল সেৱা আৰম্ভ। নাগালেণ্ডৰ শোখুৱী ৰে’ল ষ্টেচনৰ পৰা অৰুণাচল প্ৰদেশৰ নাহৰলগুন ৰে’ল ষ্টেচনলৈ প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে যাত্ৰীবাহী ৰে’ল সেৱা। যোৱা ২৬ আগষ্টত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ জেনেৰেল মেনেজাৰ আনশ্বুল গুপ্তাৰ উপস্থিতিত ৰে’লখনৰ ফ্লেগ অফ কৰে ।

উল্লেখ্য যে, গুৱাহাটী আৰু নাহৰলগুনৰ মাজত চলি থকা ১৫৮১৭/১৫৮১৮ নম্বৰৰ ডনী প’লো এক্সপ্ৰেছখন এতিয়া শোখুৱীলৈ সম্প্ৰসাৰিত কৰা হৈছে। এতিয়াৰ পৰা শোখুৱী আৰু নাহৰলগুনৰ মাজত দৈনিক ৰে’ল সেৱা উপলব্ধ হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.