আজি ৫ ছেপ্তেম্বৰ

➡️আজি শিক্ষক দিৱস।
➡️১৬১২ চনৰ আজিৰ দিনটোতে চাৰিখন যুদ্ধজাহাজেৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নৌ-বাহিনী গঠন কৰিছিল ।
➡️১৮২৭ চনৰ ৫ ছেপ্তেম্বৰত বিজ্ঞানী ছাৰ যোছেফ লিষ্টাৰৰ জন্ম হৈছিল।
➡️১৮৭৪ চনৰ আজিৰ দিনটোতে কবি আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম হৈছিল ।
➡️সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্তেম্বৰত।
➡️১৯৫৭ চনৰ আজিৰ দিনটোতে সংসদত কৰ বিধেয়ক গৃহীত হৈছিল ।
➡️১৯৬২ চনৰ আজিৰ দিনটোতে সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক ‘শিক্ষক দিৱস’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।
➡️১৯৯১ চনৰ ৫ ছেপ্তেম্বৰত ৰাছিয়াৰ পূৰ্ণাংগ সংসদ ছুপ্ৰিম ছোভিয়েটৰ পুনৰ্গঠন কৰা হৈছিল ।
➡️১৯৯৭ চনৰ আজিৰ দিনটোতে সমাজসেৱিকা মাদাৰ টেৰেছাৰ মৃত্যু হৈছিল।
➡️এক অগ্নিকাণ্ডত অসমৰ অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান ‘লয়াৰ্ছ বুক ষ্টল’ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছিল ২০০০ চনৰ ৫ ছেপ্তেম্বৰত।
➡️২০০৪ চনৰ আজিৰ দিনটোতে পশ্চিম জাপানত ৰিখটাৰ স্কেলত ৬.৯ আৰু ৭.৯ প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্প অনুভূত হৈছিল।
➡️২০০৫ চনৰ ৫ ছেপ্তেম্বৰত প্ৰথিতযশা মালয়ালম ছবি নিৰ্মাতা আদুৰ গোপালাকৃষ্ণণ ২০০৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে নিৰ্বাচিত হৈছিল।
➡️২০০০ চনৰ আজিৰ দিনটোতে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.