জম্মু-কাশ্মীৰৰ উধমপুৰত ৰখাই থোৱা এখন বাছত ৰহস্যজনক বিস্ফোৰণ। বৃহষ্পতি বাৰে উধমপুৰৰ ডমেলত সংঘটিত হয় এই ৰহস্যজনক বিস্ফোৰণ। আই ই ডি বিষ্ফোৰণৰ সন্দেহ আৰক্ষীৰ। অবশ্যে বিস্ফোৰণৰ সময়ত বাছখন খালী আছিল। বিস্ফোৰণত আহত হৈছে দুজন লোক । প্ৰাপ্ত খৱৰ মতে, ডমেলত এটা ফিলিং ষ্টেচনত বাছখন ৰখাই থোৱা আছিল। সংলগ্ন ৰেছি জিলাৰ কটৰাত চলি থকা নৱৰাত্ৰী উৎসৱৰ সময়ত সংঘটিত হয় এই ঘটনাটো। ঘটনাটোৰ বুজ ল’বলৈ বিস্ফোৰণস্থলীত উধমপুৰ জিলা আৰক্ষী বিষয়াসকল উপস্থিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like