▶️১৮৬২ চনৰ এই দিনটোতেই ম্যানমাৰত বন্দী অৱস্থাত বাহাদুৰ শ্বাহ(দ্বিতীয়)ৰ মৃত্যু হৈছিল। তেওঁৰ মৃত্যুৰ লগে লগে সুদীৰ্ঘ বছৰীয়া মোগল সাম্ৰাজ্যৰো অন্ত পৰে।
▶️১৮৬৭ চনৰ এই দিনটোতেই ফৰাছী পদাৰ্থবিদ মেৰী কুৰীৰ জন্ম হৈছিল।
▶️১৮৮৮ চনৰ এই দিনটোতেই ভাৰতীয় পদাৰ্থবিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমণৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ আজিৰ দিনটোতেই ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ বা অক্টোবৰ বিপ্লৱ। জাৰৰ শাসনৰ অৱসান।
▶️১৯১৯ চনৰ আজিৰ দিনটোতেই অসমৰ লোককলা আৰু লোকসংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক প্ৰদীপ চলিহাৰ জন্ম হৈছিল।
▶️১৯৫৪ চনৰ এই দিনটোতেই ভাৰতীয় ছবিজগতৰ কিংবদন্তি অভিনেতা কামাল হাচানৰ জন্ম হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই নেলচন মেণ্ডেলাক পাঁচ বছৰৰ বাবে কাৰাদণ্ড। পাছত ১৯৬৪ চনত এই শাস্তিৰ পৰিমাণ যাৱজ্জীৱন কাৰাদণ্ডলৈ বৃদ্ধি।
▶️১৯৭৫ চনৰ এই দিনটোতেই ৰাজ্যসমূহলৈ অধিক পৰিমানৰ বিদ্যুৎ সৰবৰাহ কৰাৰ উদ্দেশ্যে ভাৰতত নেচনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যন গঠিত হৈছিল।
▶️১৯৮৪ চনৰ আজিৰ দিনটোতেই ৰোনাল্ড ৰিগান পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত।
▶️১৯৮৮ চনৰ এই দিনটোতেই ছলমান ৰুশ্বডিৰ ‘দা ছাটানিক ভাৰ্ছেছ’ শীৰ্ষক উপন্যাসখন ইছলাম ধৰ্মৰ প্ৰতি অৱমাননাৰ অভিযোগ তুলি ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লা খোমেইনীৰ ৰুশ্বডিক মৃত্যুদণ্ডৰ নিৰ্দেশ।
▶️১৯৯০ চনৰ এই দিনটোতেই ৰাষ্ট্ৰীয় মৰ্চাৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাত প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ কেৱল আস্থাৰ ভোট লোৱাৰ বাবে লোকসভাত এদিনীয়া নজিৰবিহীন অধিৱেশন আহ্বান। আস্থাৰ ভোটত বিশ্বনাথ প্ৰতাপ সিঙৰ চৰকাৰ পৰাজিত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই শিল্পী-অভিনেতা মাখন দেৱানৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই লেখক-অৰ্থনীতিবিদ ভূৱন বৰুৱাৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৭ নৱেম্বৰ
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Next Post
You might also like