ইণ্টাৰনেচনেল ডেস্ক:
শুকুৰবাৰে তুৰস্কত ভয়ংকৰ বোমা বিষ্ফোৰণ। বিষ্ফোৰণটো সংঘটিত হয় দক্ষিণ-পূব তুৰস্কৰ দিয়াৰবাকিৰ চহৰৰ সমীপত এখন সাজসজ্জিত আৰক্ষীৰ ভেনত। বিস্ফোৰণত আহত ৯ জন লোক। আহতসকলৰ ৮ জন আৰক্ষী বিষয়া আৰু আন এজন সাধাৰণ লোক। আহতসকলক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয়।
ইফালে, বাতৰি যুগুতোৱা সময়লৈকে বিস্ফোৰণৰ তাৎক্ষণিকভাৱে দায়িত্ব কোনো সংগঠন বা ব্যক্তিয়ে লোৱা নাই।।